আজিৰ দিনটোৰ ইতিহাস ২৮ জুলাই

জুলাই



28 29 30 1 2 3 4
5 6 7 8 9 10 11
12 13 14 15 16 17 18
19 20 21 22 23 24 25
26 27 28 29 30 31 1


আজিৰ তাৰিখ   ২৮ জুলাই 

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব হেপাটাইটিচ দিৱস ৷
(২) কাব্যস্নেহ দিৱস( হীৰেন ভট্টাচাৰ্য জন্ম দিনট পালন কৰা হয়)
(৩) বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৭৪২ চনৰ আজিৰ দিনটোতে প্ৰুছিয়া আৰু অষ্ট্ৰিয়া মাজত শান্তি চুক্তি স্বাক্ষৰিত হয়।
(২) ১৭৪১ চনৰ আজিৰ দিনটোতে কেপ্তেইন বেৰিংয়ে  আালাস্কাত অৱস্থিত  মাউণ্ট চেইন্ট ইলিয়াছ আবিষ্কাৰ কৰে ৷
(৩) ১৮২১ চনৰ আজিৰ দিনটোতে পেৰুৱে স্পেইনৰ পৰা স্বাধীনৰূপে ঘোষণা কৰে৷
(৪) ১৯১৪ চনৰ আজিৰ দিনটোতে প্ৰথম বিশ্বযুদ্ধৰ আৰম্ভ হৈছিল।
(৫) ১৯৭৬ চনৰ আজিৰ দিনটোতে চীনত ৮.৩
ৰিখটাৰ স্কেলত অহা এক প্ৰবল ভূমিকম্পত লক্ষাধিক লোক নিহত হয়।
(৬) ১৯৯৫ চনৰ আজিৰ দিনটোতে ভিয়েটনাম আছিয়ান সদস্যৰূপে অন্তভূক্ত হয়।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৭৮ চনৰ আজিৰ দিনটোতে চৌধুৰী চৰণ সিং ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হয় ৷
(২) ২০১১ চনৰ এই দিনটোতে লোকপালৰ খচৰাত ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন জনায়।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----


(১) ১৯৩২ চনৰ আজিৰ দিনটোতে  সুগন্ধি পখিলাৰ কবি ৰূপে খ্যাত হীৰেন ভট্টাচাৰ্যৰ জন্ম হৈছিল। 
(২) ১৯২৫ চনৰ আজিৰ দিনটোতে হেপাটাইটিছ চি চিটা আৱিষ্কাৰক ১৯৭৪ চনৰ  নোবেল বঁটা বিজয়ী চিকিৎসা বিজ্ঞানী বাৰুছ চেমুৱেল ব্লুমবাৰ্গৰ জন্ম হৈছিল  ৷


মৃত্যু : ----

(১) ২০১৬ চনৰ আজিৰ দিনটোতে মানৱাধিকাৰ কৰ্মী বাংলা সাহিত্যৰ প্ৰখ্যাত সাহিত্যক পদ্মবিভূষণ, পদ্মশ্ৰী, জ্ঞানপীঠ বটা আদি কেইবাটাও বঁটা লাভ কৰা  মহাশ্বেতা দেবীৰ মৃত্যু হয় ৷
(২ ১৯৭২ চনৰ আজিৰ দিনটোতে বিপ্লৱী নেতা চাৰু মজুমদাৰৰ মৃত্যু হয়। 
(৩) ১৯৩৯ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী, লেখক, সুদক্ষ চিকাৰী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰুণ ৰাম ফুকলৰ মৃত্যু হৈছিল ।

Post a Comment

Previous Post Next Post