আজিৰ দিনটোৰ ইতিহাস ১৫ জুলাই

জুলাই



28 29 30 1 2 3 4
5 6 7 8 9 10 11
12 13 14 15 16 17 18
19 20 21 22 23 24 25
26 27 28 29 30 31 1


আজিৰ তাৰিখ   ১৫ জুলাই ২০২০ চন ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব যুৱ দক্ষতা দিৱস 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯১৬ চনৰ আজিৰ দিনটোতে বিশ্বৰ সৰ্ববৃহৎ বিমান তথা যুদ্ধ বিমান নিৰ্মাণ প্ৰতিষ্ঠান বোয়িং   মুকলি কৰা হয় ৷
(২) ১৯০৪ চনৰ আজিৰ দিনটোতে  আমেৰিকাত প্ৰথমটো বৌদ্ধ মন্দিৰ স্থাপন কৰা হয়। 
(৩) ১৮১৫ চনৰ এই দিনটোতে ৱাটাৰ্লুপ যুদ্ধত পৰাজয়ৰ পিছত নেপোলিয়ন বোনাপাৰ্টএ বিখ্যাত নেপোলিয়ন যুদ্ধত বেলেৰফনৰ ওচৰত আত্মসমৰ্পণ কৰে।
(৪) ২০০৬ চনৰ আজিৰ দিনটোতে বিশ্বৰ এক জনপ্ৰিয় সামাজিক নেটৱৰ্ক চাইত টুইটাৰ আৰম্ভ কৰা হয় ।
(৫) ১৯৪৮ চনৰ আজিৰ দিনটোতে হ্যৰি এস তাৰ্মনে দ্বিতীয়টো কাৰ্যকালৰ বাবে  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰূপে ঘোষণা কৰা হয়।
(৬) ১৯৬১ চনৰ আজিৰ দিনটোতে স্পেইনে নাৰী আৰু পুৰুষৰ সম অধিকাৰ ঘোষণা কৰে ৷
(৭) ১৯৭০ চনৰ আজিৰ দিনটোতে ডেনমাৰ্কে ইটালিক ২-০ হৰুৱাই প্ৰথম মহিলা বিশ্বকাপ ফুটবল জয় কৰে ৷
(৮) ১৯৬২ চনৰ আজিৰ দিনটোতে আলজেৰিয়াই আৰব লীগত অন্তভূক্ত হয়।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৫৫ চনৰ আজিৰ দিনটোত ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুলৈ ভাৰতৰত্ন সন্মান ঘোষণা কৰা হয়।
(২) ১৯৮৪ চনৰ আজিৰ দিনটোতে শিখ সকল অশান্ত হৈ পৰাত পঞ্জাৱক সন্ত্ৰাস জৰ্জড়িত অঞ্চলত ৰূপে ঘোষণা কৰা হৈছিল ৷
(৩) ১৯৭৯ চনৰ এই দিনটোতে মোৰাৰজী দেশাইএ ভাৰতৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।
(৪) ১৯২৬ চনৰ আজিৰ দিনটোতে  বোম্বেত(বৰ্তমান মুম্বাই) প্ৰথম মটৰবাছ সেৱা আৰম্ভ হয় ৷


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯৩৭ চনৰ আজিৰ দিনটোতে হিন্দী ভাষাৰ এগৰাকী প্ৰসিদ্ধ সাংবাদিক প্ৰভাস যোশিৰ জন্ম হয় ৷
(২) ১৯০৯ চনৰ আজিৰ দিনটোতে অন্ধ প্ৰদেশৰ প্ৰথম গৰাকী মহিলা নেতা দুৰ্গাবাঈ দেশমুখৰ জন্ম হয় ।
(৩) ১৮৮৩ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভাৰতীয় ব্যৱসায়ী জামছেদ জি জীজাভাই জন্ম হয়।

মৃত্যু : ----


(১) ভাৰতীয় চিকিৎসা বিজ্ঞানী তথা পৰিয়াল পৰিকল্পনাৰ বিশেষজ্ঞ বিনো জাহাংগীৰ কোৱাজীৰ মৃত্যু হয়। 
(২) ২০১৯ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী সাহিত্যক,সাহিত্য অকাডেমি বঁটা আৰু অসম উপত্যকা সাহিত্য বঁটাৰ দ্বাৰা সন্মানিত পূৰবী বৰমুদৈ মৃত্যু হয় ৷
(৩) ১৯৭৭ চনৰ আজিৰ দিনটোতে  আছাম ট্ৰিবিউন বাতৰি কাকত গোষ্ঠীৰ জন্মদাতা 

ৰাধা গোবিন্দ বৰুৱাৰ মৃত্যু হয়।

Post a Comment

Previous Post Next Post