আজিৰ দিনটোৰ ইতিহাস ১২ জুলাই

জুলাই



28 29 30 1 2 3 4
5 6 7 8 9 10 11
12 13 14 15 16 17 18
19 20 21 22 23 24 25
26 27 28 29 30 31 1


আজিৰ তাৰিখ   ১২ জুলাই ২০২০ চন ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) কাগজৰ মোনাৰ দিৱস ৷
(২) ৰাষ্ট্ৰীয় সৰলতা দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৬৭৩ চনৰ আজিৰ দিনটোতে ডেনমাৰ্ক আৰু নেদাৰলেণ্ডৰ মাজত সুৰক্ষা চুক্তি স্বাক্ষৰিত হয় ।
(২) ১৯৯৮ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত ফিফা বিশ্বকাপৰ ফাইনেলত ফ্ৰান্স ব্ৰাজিলক পৰাস্ত কৰি চূৰান্ত বিজয়ীৰ সন্মান লাভ কৰে। 
(৩)১৯১২ চনৰ আজিৰ দিনটোতে কুইন এলিজাবেথ আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰদৰ্শিত প্ৰথমখল বিদেশী ছবিৰূপে পৰিগণিত হয় ৷

(৪) ১৯১৮ চনৰ আজিৰ দিনটোতে  টাকায়াম উপসাগৰতস্থিত জাপানৰ এক যুদ্ধ জাহাজত হোৱা এক বিস্ফোৰণত প্ৰায় ৫০০ লোক নিহত হয় ৷


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৬৭৪ চনৰ আজিৰ দিনটোতে শিবাজীয়ে ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত মিত্ৰতাৰ চুক্তি স্বাক্ষৰিত কৰে ৷
(২) ১৮২৩ চনৰ আজিৰ দিনটোতে ভাৰতত নিৰ্মিত ভাপ জাহাজ "ডায়ানা"ই কলকাতাত অবতৰণ কৰে। 
(৩) ১৯৬০ চনৰ আজিৰ দিনটোতে ভাগলপুৰ আৰু ৰাঁচী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰা হয় ।
(৪) ১৯৬৬ চনৰ আজিৰ দিনটোতে ইন্দিৰা গান্ধী মস্কোলৈ ৰাওনা হয়। 
(৫) ১৯৭৯ চনৰ আজিৰ দিনটোতে অলকানন্দা নৈত অহা বানত প্ৰায় ৬০০ লোক নিহত হয়। 
(৬) ১৯৮০ চনৰ আজিৰ দিনটোতে SLV-3ৰ জৰিয়তে ভাৰতৰ কৃত্ৰিম উপগ্ৰহ ৰোহিনীৰ মহাকাশলৈ নিক্ষেপ কৰা হৈছিল।
(৭) ২০০১ চনৰ আজিৰ দিনটোতে আগৰতলা আৰু ঢ়াকাৰ মাজত মৈত্ৰী বাছ সেৱাৰ আৰম্ভ হয় ।




ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----


(১) ২০০৪ চনৰ আজিৰ দিনটোতে অসমৰ হোৱা প্ৰবল বানপানীৰ ফলত ২০০ তকৈও অধিক লোকৰ মৃত্যু হয়।
(২) ২০০৫ চনৰ আজিৰ দিনটোতে সুদীৰ্ঘ পাঁচ বছৰ ধৰি চলা গোচৰৰ অন্তত অনুপ্ৰৱেশকাৰীক ৰক্ষণাবেক্ষণ দি অহা বিতৰ্কিত আৰু বৈষম্যমূলক আই এম ডি টি আইন উচ্চতম ন্যায়ালয়ৰ এক ৰায় যোগে বাতিল কৰা হয়।


জন্ম : ----

(১) ১০১ খ্ৰীষ্টপূৰ্বৰ আজিৰ দিনটোত জুলিয়াছ চিজাৰৰ  জন্ম হৈছিল।
(২) ১৮১৭ চনৰ আজিৰ দিনটোতে কবি,প্ৰবন্ধকাৰ প্ৰকৃতিবিদ  হেনৰি ডেভিড থোৰুউৰ জন্ম হৈছিল। ১৮৬২ চনত তেখেতৰ মৃত্যু হয় ৷
(৩) ১৪৫৪ চনৰ আজিৰ দিনটোতে ফট’গ্ৰাফিৰ ৰোল ফ্লিমৰ আৱিষ্কাৰক জৰ্জ ইষ্টমেনৰ আমেৰিকাত জন্ম হৈছিল। ১৯৩২ চনত তেখেতৰ মৃত্যু হয় ৷
(৪) ১৮৬৩ চনৰ আজিৰ দিনটোতে যক্ষ্মা ৰোগৰ প্ৰতিষেধক চিটা আৱিষ্কাৰক এলৰ্বাট কামেটে ফ্ৰান্সত জন্ম লাভ কৰিছিল।
(৫) ১৮৬৪ চনৰ আজিৰ দিনটোতে মহান ভাৰতীয় ইতিসাহবিদ বিশ্বনাথ কাশীনাথ ৰাজৱাড়েৰ জন্ম হয়
(৬) ১৮৯৬ চনৰ আজিৰ দিনটোতে ৰাজনেতা হাইদৰাবাদ লিবাৰেশন পাটিৰ জনক দাঙ্গামৰাব জি বিন্দু জন্ম হয়।
(৭) ১৯০৪ চনৰ আজিৰ দিনটোতে সাহিত্যৰ ন’বেল বটা বিজয়ী কবি,ৰাজনেতা নেফটালি ৰিকাৰ্ড' ৰেইচ বাচ'লাট' বা পাবলো নেৰুদাৰ জন্ম হৈছিল। তেওঁ ১৯৭১ চনত এই ন’বেল বটা লাভ কৰিছিল৷
(৮) ১৯০৮ চনৰ আজিৰ দিনটোতে কৌতুক অভিনেতা মিল্টন বাৰ্লে ৰ জন্ম হৈছিল ৷
(৯) ১৯৩৭ চনৰ আজিৰ দিনটোতে কৌতুক অভিনেতা বিল কঁস্বী জন্ম হয় ৷
(১০) ১৯৯৭ চনৰ আজিৰ দিনটোতে ন’বেল বঁটা বিজয়ী পাকিস্তানী সমাজকৰ্মী মালালা ইউছুফজাইৰ জন্ম হয়। মালালা ইউছুফজাইক ২০১৪ চনত শান্তিৰ নবেল বঁটা প্ৰদান কৰা হয় ।

মৃত্যু : ----


(১) ১৮৯৩ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰথম শিশু আলোচনী 'ল'ৰাবন্ধু'ৰ প্ৰতিষ্ঠাপক সম্পাদক কৰুণাভিৰাম বৰুৱাৰ মৃত্যু হয়।
(২) ১৯৯৩ চনৰ আজিৰ দিনটোতে  পশ্চিমবংগৰ ৰাজ্যপাল ড° নুৰুল হুছেইন মৃত্যু হয়। 
(৩) ১৯৯৯ চনৰ আজিৰ দিনটোতে হিন্দী চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা ৰাজেন্দ্ৰ কুমাৰৰ মৃত্যু হয়।
(৪) ২০০৫ চনৰ আজিৰ দিনটো ভাৰতৰ এগৰাকী ৰাজনীতিবিদ পি কে বাসুদেৱন নায়াৰৰ মৃত্যু হয় ।
(৫) ২০১২ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী মল্লযোদ্ধা, অভিনেতা, ৰাজ্যসভাৰ সাংসদ দাৰা সিংৰ মৃত্যু হয়।


Post a Comment

Previous Post Next Post