শিক্ষক দিৱস /Teacher's Day

শিক্ষক দিৱস 

 

     শিক্ষক সকলে এজন ব্যক্তি এখন সমাজ আৰু  দেশৰ ভবিষ্যত গড় দিয়াত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰে ৷ শিক্ষক  সকলৰ প্ৰতি সন্মান  পৃথিৱীৰ বিভিন্ন দেশত বিভিন্ন দিনত শিক্ষক দিৱস  পালন কৰা হয় । ভাৰতত প্ৰতিবছৰে ৫ চেপ্তেম্বৰত পালন কৰা হয় শিক্ষক দিৱস ৷ ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি  ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ  সোঁৱৰণ তেখেতৰ জন্ম তিথিত ১৯৬২ চনৰ পৰা এই দিৱস উদযাপন কৰি অহা হৈছে। ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ আছিল এগৰাকী মহান ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। ১৯৬২ চনত তেখেতে ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতিৰূপে অধিষ্ঠিত হয় ৷ তেওঁ ৰাষ্ট্ৰপতি হৈ থকা অৱস্থাত ছাত্ৰৰ এটা গোটে তেওঁৰ জন্মদিন উদযাপন বাবে তেওঁৰ অনুমতি বিছাৰিছিল। তেতিয়া সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল মোৰ জন্মদিন বেলেগ কৈ পতাতকৈ এই দিনতো শিক্ষক দিৱস ৰুপে পালন কৰিলে গৌৰাৱাম্বিত হয়।  তেতিয়াৰ পৰাই এই ৫ চেপ্তেম্বৰত দিনটো শিক্ষক দিৱসৰূপে পালন কৰি অহা হৈছে ।


     এই দিনটো হৈছে শিক্ষকসকলৰ বাবে বিশেষ দিন ৷ তেখেত সকলৰ ত্যাগক সন্মান জনোৱা দিন  ৷ আজিৰ শিশু হৈছে ভৱিষ্যতৰ নাগৰিক ৷ তেওঁলোকক শিক্ষা দি ভবিষ্যতৰ বাবে উপযুক্ত কৰা শিক্ষকসকলৰ দায়িত্ব  ৷ শিক্ষকসকল হৈছে এখন সমাজ গঢ়াৰ কাৰিকৰ । এই দিনটোতে শিক্ষক সকলক সন্মান জনোৱা হয় । ছাত্ৰছাত্ৰী সকলে শিক্ষককলক  সন্মানৰ চিন স্বৰূপে বিভিন্ন উপহাৰ প্ৰদান কৰে।



সম্পৰ্কীয় লেখাসমূহৰ :---



2 Comments

Previous Post Next Post