বিশ্ব দুৰদৰ্শন দিৱস/ World Television Day

বিশ্ব  দুৰদৰ্শন দিৱস/ World Television Day




  বিশ্বৰ বিভিন্ন দেশত প্ৰতি বছৰে  ২১ নৱেম্বৰত পালন কৰা হয় "বিশ্ব দুৰদৰ্শন দিৱস" বা আন্তৰ্জাতিক টেলিভিছন দিৱস । আজিৰ দিনত দুৰদৰ্শনেে   অৰ্থনৈতিক আৰু সামাজিক বিষয়ৰ ওপৰত গুৰুত্ব কৰি দুৰদৰ্শনে সমগ্ৰ বিশ্বৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰে। বৰ্তমান সময়ত দুৰদৰ্শনে শিক্ষা, স্বাস্থ্য, মনোৰঞ্জন, সাংস্কৃতি, ভ্ৰমণ আদি সকলো দিশতে এক গুৰুত্বপূৰ্ণ মাধ্যম ৰূপে পৰিগণিত হৈছে ৷ ইউনেস্কোৱে টেলিভিছনক যোগাযোগ আৰু তথ্যৰ এক গুৰুত্বপূৰ্ণ সঁজুলি হিচাপে চিনাক্ত কৰিছে। ১৯৯৬ চনৰ ১৭ ডিচেম্বৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই  ২১ ডিচেম্বৰ আন্তৰ্জাতিক দুৰদৰ্শন দিৱস ৰূপে ঘোষণা কৰে । ৰাষ্ট্ৰসংঘই ১৯৯৬ চনৰ ২১ আৰু ২২ নৱেম্বৰত বিশ্বৰ প্ৰথম বিশ্ব টেলিভিছন ফ’ৰাম অনুষ্ঠিত কৰিছিল ।  বিশ্বৰ বিভিন্ন দেশৰ টেলিভিছনৰ লগত জৰিত লোকে এই সভাত অংশগ্ৰহণ কৰে । সভাত টেলিভিছনে পেলাব পৰা বিভিন্ন প্ৰভাৱৰ বিষয়ে যথেষ্ট আলোচনা কৰা হয় লগতে ইয়াৰ অৱদান আৰু পাৰস্পৰিক সহযোগিতা আদি বিষয়ত আলোচনা কৰা হয়। সেই বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই এই দিনটোক বিশ্ব দুৰদৰ্শন দিৱস পালনৰ কথা ঘোষণা কৰে ৷







সম্পৰ্কীয় লেখাসমূহৰ :---



 

Post a Comment

Previous Post Next Post