WEB 3.O কি ? আহি আছে ইন্টাৰনেট তৃতীয় প্ৰযুক্তি ৷

 

WEB 3.O কি ? আহি আছে ইন্টাৰনেট তৃতীয় প্ৰযুক্তি ৷

 নিতুপন বৰগোহাঁই ৷

 



       WEB 3.O হৈছে  ইণ্টাৰনেটৰ তৃতীয় প্ৰযুক্তি । যাৰ উদেশ্য হৈছে ইন্টাৰনেটক বিকেন্দ্ৰীকৰণ(Decentralized) কৰা । অৰ্থাৎ ইন্টাৰনেট নিয়ন্ত্ৰণ ব্যৱহাকাৰীৰ মাজত ৰখা । WEB 3.O এই ধাৰণাটো প্ৰথমে আনে ইথেৰিয়ামৰ  সহ-প্ৰতিষ্ঠাপক  Gavin James Wood .  WEB 3.O বিষয়ে জনাৰ আগতে ইণ্টাৰনেটৰ ইতিহাসৰ বিষয়ে জনাটো দৰকাৰ । ইয়াক তিনিটা ভাগত ভাগ কৰা হৈছে। WEB 1.O , WEB 2.O আৰু 3.O ৷

WEB 1.O
    ১৯৯১ চনৰ পৰা ২০০৪ চন মানলৈকে চলিছিল ইন্টাৰনেটৰ প্ৰথম প্ৰযুক্তি বা WEB 1.O ৷ সেইসময়ত ৱেবছাইট আৰু ব্যৱহাৰকাৰীৰ সংখ্যা  আছিল সীমিত ।সেইসময়ত ইন্টাৰনেট আছিল বাতৰি কাকতৰ দৰে যাক আমি কেৱল পঢ়িব পাৰিছিলো আৰু বেলেগ কোনো অনুমতি নাছিল ৷ এজনে আনজনৰ লগত যোগাযোগ কৰিব পৰা কোনো ব্যৱস্থা নাছিল ।তেতিয়াৰ ইন্টাৰনেট আৰু এতিয়াৰ  মাজত আছিল বহুত পাৰ্থক্য। এতিয়া দৰে লিখামেলা বা সম্পাদনা ৷  ফটো আপলোড, চছিয়েল মিডিয়া, আদিৰ দৰে কোনো সংযোগ নাছিল।  ইন্টাৰনেটত  যি আছে তাকে আমি চাব আৰু পঢ়িব লগা হৈছিল । অৰ্থাৎ এটা একপক্ষীয় ইন্টাৰনেট আছিল।

WEB 2.O

      ইয়াৰ পাছত আহিল WEB 2.O. WEB 1.O যিখিনি অসুবিধা আছিল তাক WEB 2.O সমাধানৰ চেষ্টা কৰা হৈছিল। এই সময়ত ৱেবচাইট আৰু ব্যৱহাৰকাৰী বৃদ্ধি পায়।  এই সময়তে জন্ম হৈছিল গুগল, ইয়াহুৰ দৰে চাৰ্চ ইঞ্জিন ৷ যাৰ সহায়ত যিকোনো এটা বিষয় বিছাৰি উলিওৱা সহজ হয় । জন্ম হৈছিল। facebook. Twitter আদিৰ দৰে চছিয়েল চাইট সমুহ  । আহিল Youtube.  যাৰ সহায়ত এজনে আনজনৰ লগত যোগাযোগ কৰিব পাৰিছিল। একাউণ্ট বনাব পাৰিছল। লিখামেলা কৰিব পৰা হল। অনলাইনৰ সহায়ত বস্তু ক্ৰয়বিক্ৰয় কৰিব পৰা হল । আহিল অনলাইন চপিং চাইট সমুহ। মুঠতে ব্যৱসায়-বাণিজ্য, বেকিং ব্যৱস্থা, শিক্ষা, মনোৰঞ্জন আদি সকলোঁ  ইন্টাৰনেটৰ যোগেদি কৰিব পৰা হল ।

WEB 3.Oত WEB 2.O থকা সমস্যা সমুহ দুৰ কৰিবলৈ চেষ্টা কৰা হৈছে। 

(১) প্ৰথমতে WEB 3.Oত ইন্টাৰনেটক বিকেন্দ্ৰীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। অৰ্থাৎ ইন্টাৰনেট নিয়ন্ত্ৰণ ব্যৱহাকাৰীৰ মাজত ৰখা ৷ বৰ্তমান সময়ত গুগল, ফেচবুক(বৰ্তমান মেটা) আদি কৰি কেইটামান মুষ্টিমেয় প্ৰতিষ্ঠান হাতত গোটেই ইন্টাৰনেট জগতখন পৰিচালিত হৈ আহিছে  । তেওলোকে বনোৱা প্লেটফৰ্মৰ ওপৰতে বৰ্তমানৰ ইন্টাৰনেট চলি আহিছে  । ইন্টাৰনেট সকলো নীতি তেওঁলোকে নিৰ্ধাৰণ কৰে ।  অথাৎ তেওলোকে বান্ধি দিয়া সীমিত নীতি নিয়মৰ  মাজেৰে আমি ইন্টাৰনেটৰ ব্যৱহাৰ কৰিব পাৰো। ব্যৱহাৰকাৰীৰ কোনো নিজস্বতা নাথাকে । তেওঁলোকে ইচ্ছা কৰিলে আপোনাৰ একাউণ্ট, আপোনাৰ লেখা ডিলিট কৰি দিব। ইয়াত চাৰ্চ ইঞ্জিন, চছিয়েল মিডিয়া, ব্ৰাউজাৰ, এপ সকলো Decentralized হব।    । ইয়াৰ নীতি ব্যৱহাৰকাৰী নিজে নিৰ্ধাৰণ কৰিব ৷ এই বিকেন্দ্ৰীকৃত ইন্টাৰনেটক পৰিচালনা কৰিব DAO(Decentralized autonomous organization) ৷ creatorৰে smart contractsৰ যোগেদি সংযোগ কৰিব পাৰিব।

(২) দ্বিতীয়তে WEB 3.O ব্যৱহাৰকাৰীৰ নিৰাপত্তা দিশত গুৰুত্ব প্ৰদান কৰা হৈছে। WEB 2.O Privacy ক্ষেত্ৰত বহুত সমস্যা দেখিবলৈ পোৱা যায় । WEB 2.O ত আমাৰ তথ্যসমুহ সুৰক্ষিত নহয়। আমি যেতিয়া গুগলত কিবা চাৰ্চ কৰো তেতিয়া সেই সকলো বিলাক তথ্য গুগল চাৰ্ভাৰত সংৰক্ষিত হয়। যেতিয়া যিকোনো ৱেবছাইট ৰেজিষ্টাৰ কৰোঁ আমাৰ তথ্য সেই কোম্পানী সমুহৰ হাতত থাকে । যেতিয়া কোনো চফ্টৱেৰ বা এপ ইনষ্টল কৰোঁ সেই এপটোয়ে আমাৰ পৰা Phone, Camera, Contacts, location, Gps আদিৰ সকলো অনুমতি লয়।  ইয়াৰ পৰাই সেই কোম্পানী সমুহে আমাৰ তথ্য  যেনে আমি কি কৰোঁ, কলৈ যাওঁ , আমাৰ ৰুচি অভিৰুচি, আদি সকলো ট্ৰেক কৰে। উদাহৰণস্বৰূপে ধৰা হল আপুনি গুগলত এডিডাচৰ জোতা চাৰ্চ কৰিছে পাছত আপুনি দেখিবলৈ পাব আপুনি যি চাইটত বা এপ অপেন কৰে সকলোতে এডিডাচৰ জোতা বা তাৰ সম্পৰ্কীয় এডভাৰটাইজে ভৰি পৰিব ৷ এই তথ্যসমুহক লৈ সেই কোম্পানী এক বৃহৎ ব্যৱসায়িক ক্ষেত্ৰৰ সৃষ্টি কৰিছে । এডভাৰ্টাইজমেণ্টৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি তুলিছে। এই আমাৰ  তথ্য সমুক তেওঁলোকে তেওঁলোকৰ ব্যৱসায় বৃদ্ধিৰ কামত বা যিকোনো ব্যৱসায়িক প্ৰতিষ্ঠান বিক্ৰী যোগেদি এক বৃহৎ উপাৰ্জন কৰিবলৈ সক্ষম কৰিবলৈ সক্ষম হয় । কিন্তু আমাক তাৰ কোনো অংশ প্ৰদান নকৰে । WEB 3.Oত আমাৰ তথ্য আমাৰ হাতত থাকিব। আমাৰ তথ্যৰ মালিক আমি ৷ কিমান পৰিমানৰ তথ্য  বিক্ৰী কৰা হব সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰিব । ইয়াৰ যোগেদি আমি উপাৰ্জন কৰিবলৈ সক্ষম হম।
    আনহাতে বৰ্তমান সময়ত আপুনি যিকোনো ৱেবছাইট প্ৰবেশ কৰিবলৈ ৰেজিষ্টাৰ বা একাউণ্টৰ খুলিব লগীয়া হয় । বাৰে বাৰে অপোনালোৰ তথ্য সমূহ সেই কোম্পানী সমুহক দি থাকিবলগীয়া হয় ৷ গতিকে  WEB 3.Oত এটা উমৈহতীয়া  স্বতন্ত্ৰ ID লাভ কৰিব যত  আপুনি    এই  স্বতন্ত্ৰ ID সহাতত সকলো ৱেবছাইট তথা ইন্টাৰনেটত  প্ৰবেশ কৰিব পাৰিব। এনেক্ষেত্ৰত আপোনাৰ তথ্যসমূহ যথেষ্ট সুৰক্ষিত হৈ ৰব ।

(৩) ইয়াৰ পাছত আহিল ব্লকচেইন(blockchain) . WEB 3.O ব্যৱস্থাটোৱেই হব ব্লকচেইন প্ৰতিষ্ঠিত।   ব্লকচেইন হৈছে এক Database ৷ ইয়াত এবাৰ  তথ্য অন্তভুৰ্ক্তি কৰাৰ  পিছত ইয়াক সংশোধন, পৰিৱৰ্তন বা ধ্বংস কৰিব নোৱাৰি ৷ই হৈছে পৃথিৱীৰ আটাইতকৈ মডাৰ্ণ টেকনলজী। এই টেকনলজী পোনপ্ৰথমে ২০০৯ চনত   Satoshi Nakamoto বিটকইনত প্ৰয়োগ কৰে। বৰ্তমান সময়ত কোম্পানী সমুহে তেওঁলোকে তথ্য বা ডাটাসমুহ কোনোবা এঠাইত তেওঁলোকৰ চাৰ্ভাৰত সংৰক্ষিত কৰি ৰাখে ৷ যদি কেতিয়াবা এই চাৰ্ভাৰত কিবা দুৰ্ঘটনা বা হেকাৰ আক্ৰমণত তথ্য সমুহ নষ্ট বা হেক হোৱাৰ সম্ভাৱনা নথকা নহয় । ব্লকচেইনত এই  তথ্য অধিক সুৰক্ষিত হৈ থাকিব ৷  ব্লকচেইন হৈছে এনে এক টেকনলজী যত পৃথিৱীৰ বিভিন্ন ঠাইত থকা কম্পিউটাৰ সমুহ এডাল চেইনৰ সহায়ত এক কৰা হয় ৷ তথ্যসমূহ ক্ৰম অনুসাৰে এডাল চেইন ৰূপে সংৰক্ষিত হয় ৷ এই টেকনলজীত তথ্য সমূহ এটা  ব্লক হিচাপে সংৰক্ষিত হয়, এটা ব্লক ভৰ্তি  হোৱাৰ পাছত আন এটা ব্লকত ভৰ্তি হয় । এনেকৈ   তথ্যসমূহ এই চেইনডালত ক্ৰম অনুসাৰে সংৰক্ষিত হৈ ৰৈ। সেইবাবে ইয়াক ব্লকচেইন বুলি কোৱা হয় ৷ গতিকে এই তথ্যসমূহ এঠাৰ পৰা নোহোৱাহলেও বেলেগ ঠাইত সংৰক্ষিত হৈ ৰব। আৰু ইয়াক হেক কৰা অসম্ভৱ হৈ পৰে। বৰ্তমান সময়ত লাহে লাহে এই টেকনলজী প্ৰযোগ আৰম্ভ হৈছে ।

WEB 3.O কিছু উপাদান ৷

 cryptocurrency, NFT, metaverse, DApps, DeFi আদি WEB 3.O ব্যৱহাৰ হব।

  WEB 3.O ইন্টাৰনেট ক্ৰিপ্তোকাৰেন্সী পেমেন্ট চিষ্টেমৰূপে ব্যৱহাৰ হব । ইযাক সম্পদৰূপেও ব্যৱহাৰ কৰা হব । ক্ৰিপ্তোকাৰেন্সী হৈছে এক ডিজিটেল মুদ্ৰা বা পেমেন্ট চিষ্টেম ৷ ক্ৰিপ্তোকাৰেন্সী হৈছে এক বিকেন্দ্ৰীকৃত ব্যৱস্থা  ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ বেংকৰ প্ৰয়োজন নহয়।  ইযাক পিয়েৰ-টু-পিয়েৰ ব্যৱস্থা বুলি কোৱা হয়। বৰ্তমান সময়ত ক্ৰিপ্তোকাৰেন্সীৰ এটা Trend আৰম্ভ হৈ গৈছে  ৷ বিভিন্ন প্ৰতিষ্ঠানে ইয়াক পেমেন্টৰূপে গ্ৰহণ কৰা আৰম্ভ কৰিছে।   বিটকইন, ইথেৰিয়াম, BNB, USDT আদি হৈছে কিছু উল্লেখযোগ্য ক্ৰিপ্তোকাৰেন্সী ৷

    NFTৰ সম্পূৰ্ণ অৰ্থ হৈছে ন’ন্-ফাঞ্জিবল টকেন(Non-Fungible Tokens). NFT হৈছে এক অদ্বিতীয়(unique) ডিজিটেল সম্পদ যাক কিনা আৰু বেছা কৰিব পাৰি ৷ ই ব্লকচেইন টেকনলজীৰ ওপৰত প্ৰতিষ্ঠিত এক ক্ৰিপ্টোগ্ৰাফিক টোকেন বা সম্পদ ৷ বৰ্তমান সময়ত পেইণ্টিং, ফটো, মাটি আদি Nft ৰুপত ব্যৱহিত হৈছে ।

     metaverse হৈ এক ভাৰ্চুৱেল পৃথিৱী যাক আপুনি ঘৰতে বহি বা এঠাইৰ পৰা শাৰীৰিক ভাৱে উপস্থিত নথকাকৈ তাক অনুভৱ কৰিব পাৰিব।

    Dapps বা Decentralized Apps হৈছে ব্লকচেইনৰ উপৰত প্ৰতিষ্ঠিত বিকেন্দ্ৰীকৃত এপ্লিকেচন ৷


WEB 3.O যিদৰে বহুত সুবিধা আছে ঠিক তেনেকৈ অসুবিধা নথকা নহয় । বৰ্তমান প্ৰয়োগ কিছু আৰম্ভ হৈছে যদিও সম্পূৰ্ণ প্ৰয়োগিক অৱস্থাত অহা নাই ৷

1 Comments

Previous Post Next Post