MUHURAT TRADING-2022

 MUHURAT TRADING-2022

✍ নৰোত্তম ৰাভা ৷



    Vikram Samvat ৰ দিনৰে পৰা ভাৰতীয়সকলে 'দিৱালী' দিনটোক নতুন বিত্তীয় বৰ্ষ হিচাপে পালন কৰি আহিছে। এই বছৰৰ দিৱালীৰ পৰা Samvat-2079 বৰ্ষ আৰম্ভ হ'ব। তেতিয়াৰ দিনৰে পৰা 'দিৱালী' কেৱল উপহাৰ আৰু মিঠাইৰ পৰ্ব নহৈ ভাৰতীয় সমাজত ঐশ্বৰ্য্যশালী দিন হিচাপে পৰিগণিত হৈ আহিছে। এনে দিনত সোণ-ৰূপ আদি মূল্যৱান ধাতু কিনাৰ উপৰিও শ্বেয়াৰ বজাৰত  ভাল কোম্পানীৰ ষ্টক কিনা-বেচা কৰাটো নিজকে সৌভাগ্যশালী বুলি বিবেচনা কৰে।


  'দিৱালী' দিনটো সমগ্ৰ ভাৰতবৰ্ষত বন্ধৰ দিন হোৱাৰ বাবে এনে এটা ঐশ্বৰ্য্যশালী দিনত বিনিয়োগকাৰীসকলক শ্বেয়াৰ কিনা-বেচা কৰিবলৈ গধূলি এঘণ্টাৰ বাবে শ্বেয়াৰ বজাৰ খুলি দিয়ে। 'দিৱালী'ৰ( Diwali Laxmi Pujan) এই এঘণ্টা সময় খোলা থকা দিনটোকে  MUHURAT TRADING বুলি কয়। 2022 চনৰ Muhurat Trading অহা 24 অক্টোবৰত সোমবাৰে গধূলি 6:15 বজাৰ পৰা 7:15 বজালৈ সময় ঘোষণা কৰা হৈছে।


   এই Muhurat Trading ত ষ্টক কিনা-বেচা কৰিলে ঘৰলৈ 'লক্ষ্মী' আগমন ঘটে বুলি ভাৰতীয়সকলে বিশ্বাস কৰে। গুজৰাটীসকলে এই বিশেষ দিনত শ্বেয়াৰ কিনাত অধিক গুৰুত্ব দিয়ে আৰু নতুনকৈ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিম বুলি ভাবি থকা সকলে এই সৌভাগ্যশালী দিনতে ভাল কোম্পানীৰ ষ্টক কিনি বিনিয়োগৰ যাত্ৰা আৰম্ভ কৰে।


    Bombay Stock Exchange(BSE) 1957 চনতে পৰীক্ষামূলকভাবে Muhurat Trading আৰম্ভ কৰিছিল আৰু এতিয়াও প্ৰতিবছৰে চলি আছে। National Stock Exchange এ 1992 চনৰ পৰা Muhurat Trading আৰম্ভ কৰি আহিছে।


   Stockbroker সকলেও Muhurat Trading দিনৰে পৰা পুৰণা লেজাৰ একাউণ্টবোৰ বন্ধ কৰে আৰু নতুন লেজাৰ একাউণ্ট আৰম্ভ কৰে। নতুন লেজাৰ আৰম্ভ কৰাৰ আগতে Stockbroker সকলে 'Chopra Pooja' (Worship of Account books) কৰি ধন-সম্পদ বৃদ্বিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে।


    Muhurat Trading ৰ চমু আভাস। এই Muhurat Trading ত নকৈ trading শিকি থকাসকলে trading নকৰি কমেও এটা ভাল ষ্টক কিনি দীৰ্ঘসময়ৰ বাবে বিনিযোগ কৰে যেন। কাৰণ আনন্দ ময় উৎসৱৰ দিনত লোকচান হ'লে মন বেয়া লাগিব।গতিকে, 'লক্ষ্মী'ক আদৰিবলৈ সকলোৱে সাজু হওঁক আৰু বিনিয়োগ কৰি নিজকে স্বাবলম্বী কৰি তোলক।

(নবেম্বৰ 2021 চনত লিখা লিখনি সামান্য সংশোধন কৰা হৈছে।)



লগতে পঢ়ক : -

>> নিবনুৱাৰ বাবে শ্বেয়াৰ বজাৰ ৷

>> ডিমেট একাউণ্ট কি ? ইয়াক কেনেকৈ খুলিব পাৰি।




1 Comments

Previous Post Next Post