মূল্যবান উদ্ভিদ সাঁচি বা অগৰু আৰু অৰ্থনৈতিক গুৰুত্ব

মূল্যবান উদ্ভিদ সাঁচি বা অগৰু


      মূল্যবান গছ সাঁচি বা অগৰু হৈছে সৰু সৰু পাতৰ মধ্যমীয়া উচ্চতাৰ এবিধ চিৰসেউজ উদ্ভিদ ৷ ই হৈছে এবিধ সুগন্ধি যুক্ত উদ্ভিদ ৷ বৈজ্ঞানিক নাম Aquilaria malaccensis , ইয়াৰ বৰ্গ হৈছে Malvales, পৰিয়াল Thymelaeaceae, গণ Aquilaria৷ ইয়াৰ কাঠ হৈছে অতি কোমল ধৰণৰ যদিও অতিতত ইয়াক ঘৰ সজা কামত ব্যৱহাৰ কৰা দেখা গৈছিল ৷ বৰষুণ নপৰা ঠাইত ই বহুবছৰলৈকে নপচাকৈ থাকে ৷ অতীতত আহোম সকলে ইয়াৰ গা গছৰ ছালেৰে কাগজৰ বিকল্প লেখামেলা কামত ব্যৱহাৰ কৰিছিল যাক সাঁচিপতীয়া পুথি বোলা হৈছিল ৷ এক বিশেষ পদ্ধতিৰে কেইবাদিনো শুকুৱাই ইয়াক লেখা উপযোগী কৰি তোলা হয় ৷ এনেধৰণৰ বহু সাঁচিপতীয়া পুথি বৰ্তমান সময়তো সংৰক্ষিত অৱস্থাত আছে ৷ সাঁচি গছ প্ৰধানত ভাৰত, বাংলাদেশ, শ্ৰীলংকা, থাইলেণ্ড, ইন্দোনেছিয়া, মালয়েছিয়া, চীন আদি দেশত পোৱা যায় ৷ অসমৰ শিৱসাগৰ, গোলাঘাট, যোৰহাট, হোজাই চৰাইদেও, তিনিচুকীয়া আদিত বেছিকৈ দেখিবলৈ পোৱা যায় ৷ সাধাৰণতে অম্লিক গুণ বিশিষ্ট মাটি ইয়াৰ বাবে উপযোগী ৷ পানী জমা নোহোৱা ৰংঙা আলতীয়া এডলীয়া মাটিতো ই ভালদৰে হোৱা দেখা যায় ৷

অৰ্থনৈতিক গুৰুত্ব

বৰ্তমান সময়ত সাঁচিক বহু মূল্যবান গছ হিছাপে সকলোৰে পৰিচিত ৷ ইয়াৰ পৰা মূল্যবান সুগন্ধি যুক্ত আগৰু তেল, আতৰ, পাৰফিউম ধুপ আদি উৎপাদন কৰা হয় ৷ আগৰ তেল বিভিন্ন ঔষধতো ব্যৱহাৰ কৰা হয় ৷ আগৰ তেল  মধ্যপ্ৰাচ্য  ইউৰোপ আদিত ব্যপক সমাদৰ আছে ৷ বিশেষকৈ আৰবীয় দেশসমূহত আগৰক অতি পবিত্ৰৰূপে গণ্য কৰা হয় ৷ দৈনিক এবাৰ হলেও ব্যবহাৰ কৰাৰ নিয়ম ৷ বিবাহ আদিতো বহুল  ভাবে  ব্যৱহাৰ কৰা হয় ৷ এই দেশবিলাকত অতি উচ্চ দৰত বিক্ৰী হয় ৷ এই গছৰ কাঠৰ পৰা প্ৰাকৃতিক ভাবে হোৱা কাঠধূনা যাক অগৰু বা আগৰ বুলি কোৱা হয়, আৰু সুগন্ধি তেল নিষ্কাষন কৰিবলৈ লোৱা হ'ল, তেতিয়াৰ পৰা এই গছৰ মূল্য উৰ্দ্ধমুখী হবলৈ ধৰে ৷ আৰু ইয়াৰ খেতি আৰু ব্যৱসায় লগত বহু লাখ লাখ লোক জৰিত হৈ আহিছে আৰু অৰ্থনৈতিক ভাৱে স্বাবলম্বী হবলৈ সক্ষম হৈছে ৷ আগৰ তেল আৰু  আগৰ ধূনাৰ দৰ  বৰ্তমান সময়ত সোণতকৈ অধিক ৷ ইয়াৰ দৰ ইয়াৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰশীল ৷ উন্নত মানদণ্ডৰ এককেজি আগৰ তেল আৰু ধূনাৰ  দাম কেইবা লক্ষাধিক টকা ৷

অসমৰ অৰ্থনীতিত সাঁচি খেতিৰ অৱদান


       সুখৰ বিষয় অসমৰ সাঁচি বা অগৰু কাঠ পৃথিৱীৰ সকলোতকৈ উন্নত মানদণ্ড ৷ অসমত প্ৰাকৃতিকভাৱে আগৰ উৎপন্ন হয় ৷  অসমৰ অগৰু মধ্যপ্ৰাচ্যত ব্যাপক সমাদৰ আছে ৷ অসমৰ বনাঞ্চল বিশেষকৈ উজনি অসমৰ বনাঞ্চল সমুত ব্যাপক ৰূপত হোৱা দেখা যায় ৷ বৰ্তমান সময়ত ইয়াক কৃষি হিচাপে কৰিবলৈ লোৱা দেখা গৈছে ৷ বহুতে ইয়াক ব্যৱসায় ভিত্তিত কৰিবলৈ আৰম্ভ কৰিছে ৷ বহুতে ইয়াক চাহখেতিৰ মাজে মাজেে ৰূপন কৰা দেখা গৈছে ৷ শিৱসাগৰ জিলাৰ নামটি, আমগুৰি , গোলাঘাটৰ নাহৰণি, হোজাই আদি অঞ্চলত ইয়াক ব্যাপক ভাবে কৰা আৰম্ভ কৰিছে ৷ বহুলোক ইয়াৰ লগত জড়িত  ব্যৱসায়ৰ লগত  নিয়োজিত হৈ আহিছে ৷ এই উদ্যোগৰ লগত অসমৰ  লক্ষাধিক লোক প্ৰতক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আহিছে ৷ হোজাই, নাহৰণিত অগৰু বৃহৎ পাইকাৰী বজাৰ গঢ়ি উঠিছে ৷ হোজাইত পৃথিৱীৰ আটাইতকৈ বৃহত্তম পাইকাৰী বজাৰ গঢ়ি উঠিছে ৷  শিৱসাগৰৰ নামটি অঞ্চলত প্ৰায় ৮০ লোক এই ব্যৱসায়ৰ লগত জঢ়িত ৷   এই অঞ্চলৰ লোক সমুহ অৰ্থনৈতিকভাৱে সবল হৈ পৰিছে ৷  

      অসমৰ বহুকেইখন জিলাত সাঁচিগছ পোৱা যায় যদিও সকলোতে আগৰ উৎপন্ন নহয় ৷ শিৱসাগৰৰ নামটি, আমগুৰি, গেলেকী গোলাঘাটৰ নাহৰণি আদি অঞ্চলত প্ৰাকৃতিকভাৱে আগৰ উৎপন্ন হয় ৷ এই অঞ্চলত আগৰ অতি উৎকৃষ্ট মানদণ্ডৰ হয় ৷ এই অঞ্চলত প্ৰাকৃতিক ভাৱে এবিধ পোকে ধৰে ৷ এই পোকক  সাঁচি পোক(Zeuzera conferta) বুলি কোৱা হয় এই পোকে গা-গছ ফুটা কৰি ভিতৰলৈ সোমাই যায় ৷ আৰু এটা জীৱনচক্ৰ পাৰ কৰি পখিলা হৈ বাহিৰলৈ উলাই আহে ৷ এই পোকে খোৱা অংশ সমুহত Phaeoacremonium parasitica নামৰ এবিধ ভেকুৰৰ দ্বাৰা সংক্ৰমিত হয় ৷ এই ভেকুৰ সংক্ৰমিত অংশসমুত আগৰৰ উৎপন্ন হয়  ৷ আৰু ফুটা সমুহ বাহিৰৰ পৰা বন্ধ হৈ পৰে ৷ এই প্ৰক্ৰিয়াটো সম্পন্ন হবলৈ প্ৰায় তিনিবছৰ মান সময়ৰ প্ৰয়োজন হয় ৷ অৱশ্যে সকলো অঞ্চল তথা সকলো গছতে এই  পোকে নধৰে৷ সেইবাবে সকলো গছৰে দামৰ তাৰতম্য আছে ৷ এজোপাৰ গছৰ মূল্য তাত থকা আগৰ বা স্থানীয় ভাষাত মালৰ নিৰ্ভৰশীল  ৷ এডাল গছত কিমান আগৰ উলাব সেইটো এই ব্যৱসায় জৰিয়ত সকলে সহজতে নিৰূপণ কৰিব ৷ সাধাৰতে এডাল সাঁচিগছৰ মূল্য দহ হাজাৰৰ পৰা আৰম্ভ কৰি প্ৰায় দহ লাখ টকালৈকে হয় ৷ পোকে নোখোৱা গছ সমুহত স্থানীয় কিছুমান পদ্ধতি গা-গছত ঘাপ মৰা, বটালিৰে ফুটা কৰা আদি কৰা দেখা যায় ৷ এই অংশসমুহত আগৰ জমা হয় ৷ কৃত্ৰিম ভাবে আগৰ উৎপন্ন কৰাৰ কিছু পদ্ধতি আবিষ্কাৰ হৈছে যদিওঁ অসমত প্ৰয়োগ কৰা হোৱা নাই ৷ অৱশ্যে ইয়াৰ মানদণ্ড প্ৰাকৃতিকভাৱে জমা হোৱা আগৰ দৰে নহয় ৷


     এনে এটা লাভজনক উদ্যোগ চৰকাৰী পৃষ্ঠপোষকতা অভাব দেখা যায় ৷  বৰ্তমানৰ সময়ত শ্ৰীলংকা, মালয়েছিয়া,বাংলাদেশ, ভিয়েটনাম আদি দেশত ইয়াক চৰকাৰী পৃষ্ঠপোষকতা কৰা হৈছে আৰু ইয়াক উদ্যোগ হিচাপে গঢ়ি তোলা হৈচে ৷ ইয়াৰ পৰা চৰকাৰে বৃহৎ কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ অসমত চৰকাৰে সহযোগিতা আগবঢ়ালে এই উদ্যোগৰ প্ৰতি বহু শিক্ষিত যুবক আগবাঢ়ি আহিব আৰু বহুলোক অৰ্থনৈতিক ভাবে লাভান্বিত হব ৷ যোৱা নবেম্বৰ মাহত  অসম চৰকাৰে সাঁচি ব্যৱসায়ক চৰকাৰী স্বীকৃতি প্ৰদান কৰি গোলাঘাটত জিলাত সাঁচি ব্যৱসায়ৰ বৃহৎ বাণিজ্যিক কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ কথা ঘোষণা কৰিছে ৷ ইয়াৰ পৰা ভবিষ্যতে সাঁচি খেতিয়ক সকলে উচিত মূল্য পাব বুলি আশা কৰিব পাৰি ৷ 



3 Comments

  1. অতি সুন্দৰ আৰু গুৰুত্বপূৰ্ণ তথ্য আগবঢ়ালে ককাইদেউ।

    ReplyDelete
  2. স্বাগতম জনালোঁ ককাইদেউ

    ReplyDelete
  3. মোৰ ঘৰ দৰঙত । মোৰ এজোপা সাচিঁগছ আছে যাৰ বয়স 20বছৰৰ বেছি হৈছে। নতুনকৈ আৰু কেই জোপাহমান লʼগাইছো কিন্তু তেল হোৱা নাই ইয়াৰ কিবা উপায় আছেনে ?

    ReplyDelete
Previous Post Next Post