অসমীয়া ৱেবছাইট

A Assamese Website For General Knowledge, Science And Technology, Assamese Literature,Culture, Job, History, Agriculture Etc in Assamese language এই ৱেবছাইটত সাধাৰণ জ্ঞান, বিজ্ঞান আৰু তথ্যপ্ৰযুক্তি, সংস্কৃতি, নিয়োগ, বুৰঞ্জী, কৃষি আদি বিষয় অন্তভুৰ্ক্ত কৰা হৈছে ৷

অনুসন্ধান কৰক

Saturday, May 30, 2020

Whatsapp ব্যৱহাৰকাৰী সকলৰ বাবে এটা ডাঙৰ খবৰ ৷ Whstsappয়ে ভাৰতত আৰম্ভ কৰিব UPI payment

 

Whatsapp Pay কি ? 


  Whatsapp pay হৈছে  UPI(Unified Payments Interface)  প্লেটফৰ্মৰ ওপৰত প্ৰতিষ্ঠিত এক Payment ব্যৱস্থা ৷  যিদৰে Google Pay , PhonePay,Paytm আদি চলে সেই একেই চিষ্টেমৰ ই পৰিচালিত ৷ পৃথিৱীৰ বহুকেইখন দেশত এই পেমেন্ট আৰম্ভ কৰিছে ৷

    ইতিমধ্যে  Whatsappয়ে ভাৰতত UPI পেমেন্ট আৰম্ভ  কৰাৰ বাবে NPCI পৰা সেউজ সংকেত লাভ কৰিছে ৷   NPCI অৰ্থাৎ National Payments Corporation of India হৈছে ভাৰত চৰকাৰ দ্বাৰা পৰিচালিত এক পেমেন্ট সম্পৰ্কীয় সংস্থা   ৷ যিকোনো ধৰণৰ Payment সম্পৰ্কীয় সেৱা  আৰম্ভ কৰিবৰ বাবে NPCI পৰা অনুমতি লোৱা হয় ৷ এই অনুমতি লাভ কৰাৰ পাছত Whatsapp ভাৰতত UPI সেৱা আৰম্ভ বাবে আগবাঢ়িছে ৷ ইয়াৰ ফলত Whatsappৰ ব্যৱহাৰকাৰী সকলে Whatsappৰ সহায়ত সহজেই ধৰণৰ লেনদেন কৰিব পাৰিব ৷  উল্লেখযোগ্য যে ২০১৮ চনত Whatsappয়ে  ভাৰতত পৰীক্ষামূলক ভাৱে UPI আৰম্ভ কৰিছিল ৷ এই সুবিধা বিটা ভাৰ্চনত উপলব্ধ হোৱা বাবে মাত্ৰ কিছুলোকেহে এই সুবিধা লাভ কৰিছিল ৷ ইয়াৰ পাছত ইয়াৰ চিকিউৰিটি চিষ্টেমকলৈ বহুতে প্ৰশ্ন কৰিছিল ৷ ইয়াৰ কোনো পাচৱৰ্ড নাছিল যেতিয়া Whatsapp অপেন কৰা হয় ইয়াত কোনা চিকিউৰিটিৰ ব্যৱস্থা নাছিল ফলত বলেগে সহজতে ইয়াক ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছিল ৷ ইয়াৰ প্ৰধান সমস্যা আছিল ডাটা ষ্টৰেজ ৷ কাৰণ ইয়াৰ কোনা চাৰ্ভাৰ ভাৰতত নাছিল ৷ Whatsappৰ পেৰেন্ট কোম্পানী Facebookকে ইয়াৰ তথ্যসমুহ আমেৰিকাৰত থকা চাৰ্ভাৰত ষ্টৰেজ কৰিব বিছাৰিছিল ৷ অৰ্থাৎ আপোনাৰ পেমন্ট সম্পৰ্কীয় যিবিলাক তথ্য থাকিব সেইবিলাক আমেৰিকাৰ ষ্টৰেজ কৰাৰ কথা আছিল ৷ চৰকাৰে ইয়াক ভাৰততে ষ্টৰেজ কৰাব বিছাৰিছিল ৷ চৰকাৰ মতে ইয়াৰ তথ্য সমুহ ভাৰতে ৰাখিব লাগিব ৷ ভাৰতত থকা চাৰ্ভাৰত ৰাখিব লাগিব ৷ Whatsapp এই Whatapp pay আৰম্ভ কৰিবলৈ লৈও স্থগিত কৰিব লগীয়া হয়৷ বৰ্তমান Whatsapp তথ্য ভাৰততে ৰখাৰ বাবেে সন্মতি হয় আৰু NPCI পৰাও অনুমতি লাভ কৰে ৷ ইয়াৰ পাছত Whatsapp ভাৰতত অতি সোনকালে এই Whatsapp Pay বাবে আগবাঢ়িছে ৷ 

2 comments:

  1. সুন্দৰ তথ্য, ভাল হব WhatsApp য়ে Upi Payment System ব্যৱহাৰ কৰিলে।

    ReplyDelete

দৈনিক আপডেট পাবলৈ আমাৰ Whatsapp Groupত জইন হব পাৰে