আধাৰ কাৰ্ড কেনেকৈ ডাউলোড কৰিব ৷How to download Aadhar card

  

 আধাৰ কাৰ্ড কেনেকৈ ডাউলোড কৰিব ৷



  বৰ্তমান সময়ত আধাৰ হৈছে এক অতি প্ৰয়োজনীয় পৰিচয় পত্ৰ ৷ আধাৰ হৈছে UIDAI(Unique Identification Authority of India) পৰিচালিত 12 সংখ্যাৰ এক চিনাক্তকৰণ ক্ৰমাংক ৷ এই আধাৰ নম্বৰটোতে সোমাই থাকিব প্রতিজন ভাৰতবাসীৰ ডেম'গ্রাফিক আৰু বায়'মেট্রিক তথ্য। বৰ্তমান সময়ত আধাৰ কাৰ্ডক প্ৰায়বিলাক  চৰকাৰী আৰু বেচৰকাৰী কামত অপৰিহাৰ্য ৰূপে গণ্য কৰা হৈছে ৷ যদি আপুনি আধাৰ কাৰ্ডৰ আবেদন কৰিছে বা আপোনাৰ আধাৰ কাৰ্ড হেৰাইছে বা আপুনি ডাকযোগে আধাৰ কাৰ্ড লাভ কৰা নাই তেনেক্ষেত্ৰত আপুনি অতি সহজেই অনলাইন যোগে আপোনাৰ ই-আধাৰ ডাউলোড কৰি লব পাৰিব ৷

ই-আধাৰৰ সুবিধা সমুহ ৷

  • ই-আধাৰক অৰিজিনেল আধাৰৰ মান্যতা প্ৰদান কৰা হৈছে ৷
  • আপুনি ইয়াক ডাউলোড কৰি Print কৰি লব পাৰিব আৰু ইয়াক আপুনি সকলো ধৰণৰ ব্যৱহাৰ কৰিব পাৰিব ৷
  • এইটো বহুত সুৰক্ষিত হয় ৷ এই ডাউলোড কৰা ফাইলটো PDF ৰূপত পাব আৰু ইয়াত এটা পাচৱৰ্ড থাকে ৷ সেইবাবে ইয়াক বেবেগে চাব নোৱাৰে ৷

ডাউনলোড পদ্ধতি


    যদি আপুনি আধাৰ কাৰ্ড আবেদন কৰিছে তেতিয়া আপুনি সেই আধাৰ কেন্দ্ৰৰ পৰা এখন Slip লাভ কৰে আৰু  এই Slipখনত এটা Enrollment Number উল্লেখ থাকে ৷ তেনে ক্ষেত্ৰত আপুনি এই Enrollment Number  দি ই-আধাৰ ডাউনলোড কৰিব ৷ কিন্তু আপুনি তেতিয়াহে  এই  ই-আধাৰ ডাউনলোড কৰিব পাৰিব যেতিয়া আপোৰ মোবাইল নাম্বাৰলৈ UIDAI দ্বাৰা ই-আধাৰ জেনেৰেট হোৱাৰ মেছেজ আহিব ৷ যদি আপুনি ইতিমধ্যে আধাৰ নাম্বাৰ লাভ কৰিছে বা ই-আধাৰ ডাউনলোড লাগে তেনেক্ষেত্ৰত আধাৰ নং দি ই-আধাৰ ডাউনলোড কৰিব পাৰিব ৷

(১) প্ৰথমে আপুনি UIDAI ৱেবছাইটত যাব লাগিব ৷ UIDAI ৱেবছাইট হৈছে uidai.gov.in

(২) ৱেবছাইটত তলত দিয়া ধৰণৰ এখন পেজ     . অপেন হব

(৩) ইয়াত তিনিটা Option দেখা পাব

  • Aadhaar Number
  • Enrolment ID (EID) 
  • Virtual ID (VID)

 ইয়াত আপোনাৰ ক্ষেত্ৰত যিটো প্ৰযোজ্য সেইটো চিলেক্ট কৰি আগবাঢ়ি পাৰিব ৷

 প্ৰথমটো ক্ষেত্ৰত আধাৰ নং দি ডাউনলোড কৰিব পাৰিব ৷

 দ্বিতীয়টোৰ ক্ষেত্ৰত Enrolment নং দিব লাগিব আৰু Date আৰু Time দিব লাগিব ৷ এই Date আৰু Time আধাৰ কেন্দ্ৰৰ পৰা দিয়া Slipখনত লাভ কৰিব ৷



তৃতীয়টোৰ ক্ষেত্ৰত Virtual ID দি ডাউলোড কৰিব পাৰিব

(৪) ইয়াৰ পাছত  Captchaটো বঢ়োৱাই Send OTP কৰিব লাগিব ৷


ইয়াৰ পাছত এখন এনেধৰণৰ এখন পেজ অপেন হব ৷

ইয়াত পাছত আপোনাৰ মোবাইল নাম্বাৰত এটা OTP যাব ৷ এই OTP টো বঢ়োৱাই এই পেজত অহা কিছু প্ৰশ্নৰ উত্তৰত ক্লিক কৰি Verifi And Download ত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ ডাউনলোড হব ৷

(৫) এই ডাউনলোড ফাইটোত এটা  পাচৱৰ্ড থাকিব ৷ পাচৱৰ্ড অবিহনে ইয়াক খুলিব নোৱাৰিব ৷ এই পাচৱৰ্ডটো এনেধৰণৰ হব আপোনাৰ নামৰ প্ৰথম চাৰিটা আখৰ কেপিটেল আৰু বাকী চাৰিটা আপোনাৰ DOB চন ৷ ধৰা হওঁক আপোনাৰ নাম Bikash আপোনাৰ BOB 10/07/1999 তেতিয়া আপোনাৰ পাচৱৰ্ড হব BIKA1999 ৷

(৬) এতিয়া আপুনি ইয়াক Print কৰি লব পাৰিব ৷


সম্পকীয় লিংক
(১) আধাৰ কাৰ্ড কেনেকৈ আবেদন কৰিব
(২) আধাৰ কাৰ্ড এপ্লিকেচনৰ ফৰ্ম ডাউনলোড 
(৩) PAN কাৰ্ডৰ লগত আধাৰ সংযোগ
(৪) আপোনাৰ ওচৰৰ আধাৰ কেন্দ্ৰ বিচাৰিবলৈ
(৫) আধাৰ তৈয়াৰ হলনে চাবলৈ  

3 Comments

Previous Post Next Post