বিশ্ব ৰক্তদাতা দিৱস ৷ World Blood Donor Day ৷

বিশ্ব ৰক্তদাতা দিৱস ৷ World Blood Donor Day ৷


   ৰক্তদান হৈছে এক মহান দান  ৷  ৰক্তদানৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ পৰা প্ৰতি বছৰে ১৪ জুন তাৰিখে বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয় ৷ ২০০৪ চনত বিশ্ব স্বাস্থ্য সংস্থাই  পোন প্ৰথম বাবে বিশ্ব ৰক্তদাতা দিৱস পালনৰ আৰম্ভণি কৰে ৷ তেতিয়া পৰা এই দিৱস প্ৰতি বছৰে পালন কৰি অহা হৈছে ৷  নবেল বটাঁ বিজয়ী বিজ্ঞানী কাৰ্ল লেণ্ডষ্টেইনাৰৰ স্মৃতি প্ৰতি বছৰে তেওঁৰ জন্ম বাৰ্ষিকীত এই দিৱস পালন কৰা হয় ৷ কাৰ্ল লেণ্ডষ্টেইনাৰৰ আছিল এজন প্ৰখ্যাত জীৱবিজ্ঞানী  বিজ্ঞানী তেওঁ আছিল  তেজৰ গ্ৰুপৰ আবিষ্কাৰক ৷ ১৯৬৮ চনৰ  ১৪ জুনত তেওঁ জন্ম লাভ কৰিছিল । তেওঁৰ জন্মদিনতে বিশ্ব ৰক্তদাতা দিৱস পালন কৰি অহা হৈছে ৷ গোটেই বিশ্বজুৰি  এই দিনটোত বিভিন্ন কাৰ্য্যসুচীৰে বিশ্ব ৰক্তদান দিৱস পালন কৰা হয় ৷ এই দিৱসত ৰক্তদান বিষয়ে জনসাধাৰণৰ আগ্ৰহ বৃদ্ধিৰ বাবে বিভিন্ন কাৰ্যসূচীৰ লোৱা হয় ৷ ৰক্তদানৰ সুফলৰ বিষয়ে অৱগত কৰোঁৱা হয় । ৰক্তদান হৈছে এক মহান দান  ৷ এজনে ৰক্তদানৰ ফলত আন এজনে  নতুন জীৱন লাভ কৰাৰ লগতে আমাৰ শৰীৰ বাবেও উপকাৰী।  ৰক্তদানৰ ফলত বছৰি লক্ষাধিক লোকৰ জীৱন লাভ কৰিছে ৷

ৰক্তাদানৰ সুফল সমুহ  : -


(১) ৰক্তাদানৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস পায় ৷
(২) শৰীৰত এনাৰ্জি বৃদ্ধি পায়। কাৰণ শৰীতত নতুন তেজৰ সৃষ্টি হয় ৷
(৩) শৰীৰ ওজন কমোৱাৰ ক্ষেত্ৰত ই সহায়ক হয় ৷ সেইবাবে প্ৰতিবছৰে দুবাৰ ৰক্তদান কৰাটো উচিত ৷
(৪) ৰক্তদানৰ ফলত লিভাৰত লগত জড়িত সমস্যাৰ পৰা বাছিব পাৰি৷

ৰক্তদান কৰোত মনত ৰখা উচিত :


(১) ১৮ বছৰৰ ওপৰৰ সকলোৱে ৰক্তদান কৰিব পাৰে
(২) ৰক্তদানৰ বাবে শৰীৰ ওজন ৪৫ কেজিৰ কম হব নেলাগে
(৩) ৰক্তদান কৰাৰ ২৪ ঘন্টাৰ আগত মাদক দ্ৰব্য, ধপাত আদি সেৱন কৰা  অনুচিত ৷
(৪) এইড্‌ছ আক্ৰান্ত ৰোগীয়ে ৰক্তদান কৰিব নোৱাৰে ৷
(৫) হেপাটাইটিচ বি বা হেপাটাইটিচ চি থকা লোকে ৰক্তদান কৰিব নোৱাৰে



সম্পৰ্কীয় লেখা : -




2 Comments

Previous Post Next Post