হীৰেন ভট্টাচাৰ্য এক চমু জীৱনী


হীৰেন ভট্টাচাৰ্য  এক চমু জীৱনী



“তুমিটো জানাই
এই কবিৰ আৰু একো নাই।
এটাই মাথোঁ কামিজ
তাৰো ছিগো-ছিগো চিলাই।
প্ৰেম নিশ্চয় এনেকুৱাই
আৱৰণ খুলি হৃদয় জুৰায়”
- কবি হীৰেন ভট্টাচাৰ্য (ভোগালী ১৯৭১ )


   "সুগন্ধি পখিলা" ৰ কবি ৰূপে খ্যাত হীৰেন ভট্টাচাৰ্য অসমীয়া কবিতাৰ এক প্ৰসিদ্ধ নাম ৷ হীৰুদা নামে পৰিচিত হীৰেন ভট্টাচাৰ্যৰ কবিতা অসমীয়া কবিতাপ্ৰেমী খুবেই জনপ্ৰিয় ৷ এই লেখাত তেখেতৰ এক চমু জীৱনী আগবঢ়োৱা হৈছে। 

জন্ম আৰু শৈশৱ


     কবি হীৰেন ভট্টাচাৰ্য  জন্ম হয় ১৯৩২ চনৰ ২৮ জুলাইত  অসমৰ যোৰহাটত। তেখেতৰ পিতৃ স্বৰ্গীয় তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্বৰ্গীয়া স্নেহলতা ভট্টাচাৰ্য। দেউতাকৰ চাকৰি সূত্ৰে  অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰিব লগা হোৱাত তেওঁৰ স্কুল সলাব লগীয়া হৈছিল । তেওঁ তেখেতে স্কুলীয়া জীৱন আৰম্ভ কৰে ডিব্ৰুগড়ৰ গ্ৰেহাম বজাৰ এম.ই. স্কুলৰ পৰা আৰু সমাপ্ত কৰে  তেজপুৰৰ পৰা । ১৯৪৫ চনত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰপৰা তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত বি. বৰুৱা কলেজত নামভৰ্তি কৰে ৷

কৰ্মজীৱন

     ১৯৬৪ চনত হীৰেন ভট্টাচাৰ্য বোৰ্কালৈ যায় আৰু তাত এখন স্কুলত শিক্ষকতা কৰে ৷ এবছৰ শিক্ষকতা কৰা পাছত তাৰ পৰা উভতি আহে ৷ ইয়াৰ পাছত কিছুদিন কাপোৰৰ দোকান এখনত ছেলছমেনৰ চাকৰিও কৰিছিল।


সাহিত্যকৰ্ম

   তেওঁৰ প্ৰথম কবিতা প্ৰকাশ পায় ১৯৫৭ চনত ৷ তেখেতৰ প্ৰথম কবিতা পুথি মোৰ দেশ মোৰ প্ৰেমৰ কবিতা' প্ৰকাশ হয় ১৯৭২ চনত ৷ তেখেতৰ  মুঠ ১৩খন অসমীয়া ভাষাত কবিতা পুথি প্ৰকাশ পাইছে আৰু লগতে বঙালী ভাষাত ২ খনকৈ কবিতা পুথি অনুদিত হৈছে।

তেখেতৰ উল্লেখযোগ্য সাহিত্যকৰ্ম সমুহ হৈছে --

তোমাৰ গান (১৯৭২)
বিভিন্ন দিনৰ কবিতা (১৯৭৪)
কবিতাৰ ৰ'দ (১৯৭৬)
সুগন্ধি পখিলা (১৯৮১)
শইচৰ পথাৰ মানুহ(১৯৯১
মোৰ প্ৰিয় বৰ্ণমালা
ভালপোৱাৰ বোকা মাটি ৷
জোনাকী-মনঃ অনুষঙ্‍গ ৷
হীৰেন ভট্টাচাৰ্যৰ বাছকবনীয়া কবিতা, ২০০৩ ৷

বটা আৰু সন্মান 


(১)"বিভিন্ন দিনৰ কবিতা" গ্ৰন্থৰ বাবে ১৯৭৬  অসম সাহিত্য সভাৰ ৰঘুনাথ চৌধাৰী বঁটা লাভ ৷
(২) সুগন্ধি পখিলা' গ্ৰন্থৰ বাবে ১৯৮৫ 'অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা লাভ ৷
(৩) 'সুগন্ধি পখিলা' গ্ৰন্থৰ বাবে  ১৯৮৭ চনত চোভিয়েট দেশ নেহেৰু বটাঁ লাভ ৷
(৪) শইচৰ পথাৰ মানুহ' গ্ৰন্থৰ বাবে ১৯৯২ সাহিত্য অকাডেমি বঁটা লাভ ৷
(৫) শইচৰ পথাৰ মানুহ' গ্ৰন্থৰ বাবে ১৯৯৩ চনত ভাৰতীয় ভাষা পৰিষদৰ 'বজালিনী বঁটা লাভ
(৬) ২০০০ চনত 'অসম উপত্যকা সাহিত্য বঁটা' লাভ ৷
(৭) ২০১০ অসম চৰকাৰৰ গণেশ গগৈ বঁটা ৷

মৃত্যু ৷


 ২০১২ চনৰ চাৰি জুলাই তাৰিখে হীৰেন ভট্টাচাৰ্যই গুৱাহাটীৰ দিশপুৰ চিকিৎসালয়ত অন্তিম নিশ্বাস ত্যাগ কৰে।


5 Comments

Previous Post Next Post