ভাৰতৰ শীৰ্ষ দহ দীৰ্ঘতম দলং/Top 10 Longest and Bridges in India

ভাৰতৰ শীৰ্ষ দহ দীৰ্ঘতম  দলং 


(১) ভূপেন হাজৰিকা সেতু, অসম ৷

ফটোৰ উৎস - ইন্টাৰনেট

    ভূপেন হাজৰিকা সেতু নামে পৰিচিত ঢলা-শদিয়া দলং হৈছে ভাৰতৰ আটাইতকৈ দীঘল দলং ৷ ই হৈছে এছিয়াৰ দ্বিতীয় দীঘল দলং ৷ ইয়াৰ দৈৰ্ঘ হৈছে ৯.১৫ কিলমিটাৰ ৷ এই দলং অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত ৷ লোহিত নদীৰ ওপৰত অৱস্থিত এই দলং ঢলা আৰু শদিয়াক সংযোগ কৰিছে ৷ যাতায়তৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ এই দলংয়ে অসম আৰু অৰুণাচলৰ মাজত যোগাযোগ সুচল কৰিব।  ২০১১ চনত ১৯ জানুৱাৰীত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই দলংৰ কাম  ২০১৭ চনৰ ১০ মাৰ্চত সম্পূৰ্ণ হয় ৷ ২০১৭ চনৰ ২৬ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰে ৷ ইয়াৰ দৈৰ্ঘ্য হৈছে ৯.১৫ কিলোমিটাৰ ৷ প্ৰস্থ ১২.৯ মিটাৰ ৷ ইয়াৰ খুটাৰ সংখ্যা হৈছে ১৮৩ ৷ এই দলং নিৰ্মাণৰ আনুমানিক মুঠ ব্যয় ৯৫০ কোটি টকা। ৷60 টন ওজনৰ যুদ্ধৰ টেংক বহন  কৰিব পৰা ক্ষমতা থকা এই দলংখন নিৰ্মাণ কৰে নৱযুগ ইঞ্জিনীয়াৰিং নামৰ এক কোম্পানীয়ে ৷

(২) দিবাং নদীৰ দলং, অৰুণাচল ৷

ফটোৰ উৎস - ইন্টাৰনেট
                           
    অৰুণাচলৰ দিবাং নদীৰ ওপৰত অৱস্থিত দিবাং নদীৰ দলং হৈছে ভাৰতৰ দ্বিতীয় দীৰ্ঘতম দলং।দলঙখনে অৰুণাচলৰ নামনি দিবাং ভেলী জিলাৰ বমজীৰ সৈতে মেকাক সংলগ্ন কৰিছে ৷ ২০১৩ চনৰ এপ্ৰিল মাহত নিৰ্মাণ আৰম্ভ কৰা দলংখন নিৰ্মাণ সম্পূৰ্ণ হয় ২০১৮ চনত। দলংখনৰ দৈৰ্ঘ্য ৬.২০(৬২০০ মিটাৰ) কিলমিটাৰ ৷   খুটাৰ সংখ্যা ১২৬ টা । ৰাষ্ট্রীয় ঘাইপথ আৰু পৰিবহণ মন্ত্র্যালয়ৰ পুঁজিৰে নির্মিত এই সেতুখন নিৰ্মাণ কৰে নৱযুগ ইঞ্জিনিয়াৰিং কোম্পানীটোৱে ৷


(৩) গোদাবৰীৰ  চতুর্থ সেতু কোভভুৰ – ৰাজমন্দ্রি বাইপাচ ব্রিজ, অন্ধপ্ৰদেশ ৷


ফটোৰ উৎস - ইন্টাৰনেট


    গোদাবৰী নদীৰ ওপৰত ৰাজমন্দ্রিত অৱস্থিত এইখন ভাৰতৰ তৃতীয় দীৰ্ঘতম দলং। ইয়াৰ দৈৰ্ঘ্য ৬ কিলমিটাৰ ৷ ২০০৯ চনত আৰম্ভ কৰা এই দলং সম্পূৰ্ণ হয় ২০১৫ চনত। গেমন ইণ্ডিয়া নামৰ কোম্পানীয়ে নিৰ্মাণ কৰা এই দলং ব্যয় হয় ৮০০ কোটি ৷


(৪) মহাত্মা গান্ধী সেতু, পাটনা, বিহাৰ

 ফটোৰ উৎস - ইন্টাৰনেট
     গংগা নদীৰ ওপৰত অৱস্থিত মহাত্মা গান্ধী সেতু হৈছে ভাৰতৰ চতুৰ্থ দীৰ্ঘতম দলং। এই সেতুৱে পাটনা আৰু হাজিপুক সংযোগ কৰে ৷ মহাত্মা গান্ধী সেতুৰ দৈৰ্ঘ্য হৈছে ৫.৫৭ কিলমিটাৰ আৰু ইয়াৰ প্ৰস্থ হৈছে ২৫ মিটাৰ ৷ খুটাৰ সংখ্যা ৪৫ টা ৷ ১৯৭২ চনত আৰম্ভ কৰা এই দলংৰ নিৰ্মাণ সম্পূৰ্ণ হয় ১৯৮২ চনত।  ১৯৮২ চনৰ মে মাহত দলংখন উদ্বোধন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী ইণ্ডিৰা গান্ধীয়ে। দলংখন নিৰ্মাণ কৰে গেমন ইণ্ডিয়া লিমিটেডে ৷

(৫) বান্দ্ৰা-ৱৰ্লী সমুদ্ৰসেতু, মুম্বাই, মহাৰাষ্ট্ৰ ৷

ফটোৰ উৎস - ইন্টাৰনেট

    মুম্বাইৰ মহিম উপসাগৰত অৱস্থিত বান্দ্ৰা-ৱৰ্লী সমুদ্ৰসেতু বা ৰাজীৱ গান্ধী সাগৰ সেতু  হৈছে ভাৰতৰ পঞ্চম দীৰ্ঘতম দলং  ৷ এই সেতুয়ে বান্দ্ৰা আৰু ৱৰ্লীক সংযোগ কৰিছে।  পথ পৰিবহনৰ সুবিধা থকা এই দলংৰ দৈৰ্ঘ্য ৫.৬০ কিলমিটোৰ আৰু প্ৰস্থ হৈছে ৪০ মিটাৰ ৷ ২০০০ চনত নিৰ্মাণ আৰম্ভ কৰা এই দলংৰ কাম সম্পূৰ্ণ হয় ২০০৯ চনত। ইয়াক মুকলি কৰা হয় ২০১০ চনৰ মাৰ্চ মাহত ।

(৬) বগীবিল দলং, ডিব্ৰুগড়, অসম ৷

ফটোৰ উৎস - ইন্টাৰনেট

     ব্ৰহ্মপুত্ৰৰ ওপৰত অৱস্থিত ৪.৯৮ কিলমিটাৰৰ বগীবিল দলং হৈছে ভাৰতৰ ষষ্ঠতম দীৰ্ঘতম দলং আৰু  বগীবিল হৈছে ৰে'ল আৰু পথ যোগাযোগ ব্যৱস্থা থকা ভাৰতৰ যিকোনো নদীৰ ওপৰত নিৰ্মিত দলঙৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম দলং ৷ ডিব্ৰুগড়ৰ বগীবিল নামৰ ঠাইত অৱস্থিত এই দলংয়ে ডিব্ৰুগড় আৰু ধেমাজীৰ মাজত সংযোগ স্থাপন কৰিছে ৷ ১৯৯৭ চনৰ ২২ জানুৱাৰী আধাৰশিলা স্থাপন কৰে সেই সময়ৰ তদানীন্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াই ৷  ইয়াৰ নিৰ্মাণ আৰম্ভ হয় ২০০২ চনৰ ২১ এপ্ৰিলত আৰু ইয়াৰ নিৰ্মাণ সমাপ্ত হয় ২০১৮ চনত  ৷ ২০১৮ চনৰ ২৫ ডিচেম্বৰ এই দলং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে শুভাৰম্ভ কৰে ৷ দুখলপীয়া দলংখনত ওপৰৰ খাপত আছে তিনিটা লেনযুক্ত পথ আছে  আৰু তলৰ খাপত আছে  দ্বৈত ব্ৰডগজ ৰেললাইন  । ইয়াৰ খুটাৰ সংখ্যা হৈছে ৪২ টা ৷  ৫৯০০ কোটি টকা ব্যয়সাপেক্ষ উত্তৰ-পূব সীমান্তৰ ৰেলৱেৰ তত্ত্বাৱধানত নিৰ্মাণ কৰা এই দলং নিৰ্মাণ কৰে গেমন ইণ্ডিয়া, হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানী, ডি এছ ডি ব্ৰাকেনবাউ জি এম বি এইচ আদি কোম্পানীয়ে।

(৭) বিক্ৰমশীলা সেতু, ভাগলপুৰ, বিহাৰ

ফটোৰ উৎস - ইন্টাৰনেট

      গংগা নদীৰ ওপৰত অৱস্থিত ৪.৭ কিলমিটাৰৰ বিক্ৰমশীলা সেতু হৈছে ভাৰতৰ সপ্তম দীৰ্ঘতম দলং। দুই লেণযুক্ত এই দলং  বিহাৰৰ  ভাগলপুৰ আৰু নওগাছিয়া সংযোগ কৰিছে ৷ পথ পৰিবহনৰ সুবিধা থকা এই দলংৰ দৈৰ্ঘ্য ৪.৭ কিনমিটাৰ আৰু ইয়াৰ প্ৰস্ত হৈছে ৬০ মিটাৰ  ৷ বিহাৰ চৰকাৰৰ অধীনষ্ঠ এই দলং মুকলি কৰা হয় ২০০১ চনত ৷

(৮) ভেম্বনাদ ৰেল দলং, কোচি, কেৰেলা 

ফটোৰ উৎস - ইন্টাৰনেট

    ভেম্বনাদ হ্ৰদত অৱস্থিত ভেম্বনাদ ৰেল দলং ভাৰতৰ অষ্টম দীৰ্ঘতম দলং ৷ ৰেল পৰিবহণ সুবিধা থকা এই দলং দৈৰ্ঘ্য হৈছে ৪.৬ কিলমিটাৰ আৰু প্ৰস্ত ৫ মিটাৰ ৷ খুটাৰ সংখ্যা ১৩২ টা ৷ ২০০৭ চনত নিৰ্মাণ আৰম্ভ কৰা এই দলং মুকলি কৰা হয় ২০১১ চনত ।

(৯) দীৰ্ঘা-সোনপুৰ সেতু, বিহাৰ ৷

ফটোৰ উৎস - ইন্টাৰনেট

    গংগা নদীৰ ওপৰত অৱস্থিত ৪.৫৫ কিলমিটাৰৰ দীৰ্ঘা-সোনপুৰ সেতু হৈছে ভাৰতৰ নৱম দীৰ্ঘতম দলং। পথ আৰু ৰেল পৰিবহনৰ সুবিধা থকা এই দলংয়ে পাটনা আৰু সোনপুৰক সংযোগ কৰিছে । ৪.৫৫ কিলমিটাৰ দৈৰ্ঘ্যৰ এই দলং প্ৰস্ত হৈছে ১০ মিটাৰ আৰু খুটাৰ সংখ্যা ৩৬ টা । ২০০৩ চনত নিৰ্মাণ আৰম্ভ হোৱা এই দলং মুকলি কৰা হয় ২০১৬ চনৰ ৩ ফেব্ৰুৱাৰীত ।

(১০) আৰা–ছাপড়া দলং, বিহাৰ 

ফটোৰ উৎস - ইন্টাৰনেট

   গংগা নদীৰ ওপৰত অৱস্থিত ৪.৩৫ দৈৰ্ঘ্যৰ আৰা–ছাপড়া দলং হৈছে ভাৰতৰ দশম দীৰ্ঘতম দলং । পথ পৰিবহনৰ সুবিধা থকা এই দলং বিহাৰৰ ভোজপুৰ আৰু চৰণ জিলাক সংযোগ কৰিছে । চাৰি লেণ্ডযুক্ত এই দলংৰ প্ৰস্ত হৈছে ২৪ মিটাৰ আৰু খোটাৰ সংখ্যা ১৬ টা । প্ৰায় ৮০০ কোটি ব্যয়সাপেক্ষ নিৰ্মাণ কৰা এই দলং ২০১৭ চনত মুকলি কৰা হয় ৷












Post a Comment

Previous Post Next Post