Whstsappয়ে ভাৰতত আৰম্ভ কৰিলে UPI payment ৷

 

Whstsappয়ে ভাৰতত আৰম্ভ কৰিলে UPI payment


  Whstsapp ব্যৱহাৰকাৰী সকলৰ বাবে সুখবৰ ৷ এতিয়া Whatsappৰ সহায়ত সহজেই ধনৰ লেনদেন কৰিব পাৰিব।Whstsappয়ে ভাৰতত আৰম্ভ কৰিলে UPI (Unified Payments Interface)  payment ৷ Whatsapp pay হৈছে  UPI(Unified Payments Interface)  প্লেটফৰ্মৰ ওপৰত প্ৰতিষ্ঠিত এক Payment ব্যৱস্থা ৷  যিদৰে Google Pay , PhonePay,Paytm আদি চলে সেই একেই চিষ্টেমৰ ই পৰিচালিত ৷ 



উল্লেখযোগ্য যে ইতিমধ্যে  Whatsappয়ে ভাৰতত UPI পেমেন্ট আৰম্ভ  কৰাৰ বাবে NPCI পৰা সেউজ সংকেত লাভ কৰিছে ৷  NPCI অৰ্থাৎ National Payments Corporation of India হৈছে ভাৰত চৰকাৰ দ্বাৰা পৰিচালিত এক পেমেন্ট সম্পৰ্কীয় সংস্থা   ৷ যিকোনো ধৰণৰ Payment সম্পৰ্কীয় সেৱা  আৰম্ভ কৰিবৰ বাবে NPCI পৰা অনুমতি লোৱা হয় ৷ এই অনুমতি লাভ কৰাৰ পাছত Whatsapp ভাৰতত UPI সেৱা আৰম্ভ কৰে  ৷ ইয়াৰ ফলত Whatsappৰ ব্যৱহাৰকাৰী সকলে Whatsappৰ সহায়ত সহজেই ধৰণৰ লেনদেন কৰিব পাৰিব ৷  উল্লেখযোগ্য যে ২০১৮ চনত Whatsappয়ে  ভাৰতত পৰীক্ষামূলক ভাৱে UPI আৰম্ভ কৰিছিল ৷ এই সুবিধা বিটা ভাৰ্চনত উপলব্ধ হোৱা বাবে মাত্ৰ কিছুলোকেহে এই সুবিধা লাভ কৰিছিল ৷ ইয়াৰ পাছত ইয়াৰ চিকিউৰিটি চিষ্টেমকলৈ বহুতে প্ৰশ্ন কৰিছিল ৷ ইয়াৰ কোনো পাচৱৰ্ড নাছিল যেতিয়া Whatsapp অপেন কৰা হয় ইয়াত কোনা চিকিউৰিটিৰ ব্যৱস্থা নাছিল ফলত বলেগে সহজতে ইয়াক ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছিল ৷ ইয়াৰ প্ৰধান সমস্যা আছিল ডাটা ষ্টৰেজ ৷ কাৰণ ইয়াৰ কোনা চাৰ্ভাৰ ভাৰতত নাছিল ৷ Whatsappৰ পেৰেন্ট কোম্পানী Facebookকে ইয়াৰ তথ্যসমুহ আমেৰিকাৰত থকা চাৰ্ভাৰত ষ্টৰেজ কৰিব বিছাৰিছিল ৷ অৰ্থাৎ আপোনাৰ পেমন্ট সম্পৰ্কীয় যিবিলাক তথ্য থাকিব সেইবিলাক আমেৰিকাৰ ষ্টৰেজ কৰাৰ কথা আছিল ৷ চৰকাৰে ইয়াক ভাৰততে ষ্টৰেজ কৰাব বিছাৰিছিল ৷ চৰকাৰ মতে ইয়াৰ তথ্য সমুহ ভাৰতে ৰাখিব লাগিব ৷ ভাৰতত থকা চাৰ্ভাৰত ৰাখিব লাগিব ৷ Whatsapp এই Whatapp pay আৰম্ভ কৰিবলৈ লৈও স্থগিত কৰিব লগীয়া হয়৷ বৰ্তমান Whatsapp তথ্য ভাৰততে ৰখাৰ বাবেে সন্মতি হয় আৰু NPCI পৰাও অনুমতি লাভ কৰে ৷ ইয়াৰ পাছত Whatsapp ভাৰতত  এই Whatsapp UPI সেৱা  আৰম্ভ কৰে ৷ 


কেনেকৈ আৰম্ভ কৰিব

   সকলো ব্যৱহাৰকাৰীয়ে এই সেৱা ব্যৱহাৰ কৰিব পাৰিব । ইয়াৰ বাবে আপোনাৰ মোবাইল নং বেংকত ৰেজিষ্টাৰ থকাটো প্ৰয়োজনীয়।  ইয়াক আৰম্ভ কৰিবলৈ আপুনি Whatsapp অপেন কৰি তলত দেখুৱাৰ দৰে তিনিটা ডটত ক্লিক কৰক ।





   ইয়াৰ পাছত তলত দিয়া ধৰণৰ এখন মেনু দেখা পোৱা যাব। তাত গৈ Add Payment Method ক্লিক কৰিব লাগিব। 




ইয়াৰ পাছত ইয়াত এখন বেংকৰ লিষ্ট দেখাপোৱা যাব ৷ তাত বেংক চিলেক্ট কৰি Verify কৰিব লাগিব ৷






এইখিনি সম্পূৰ্ণ কৰাৰ পাছতেই আপুনি লেনদেন কৰিবলৈ সক্ষম হব ৷ আপুনি যিগৰাকী ব্যক্তিৰ লগত ধনৰ লেনদেন কৰিব তেওঁৰ মেছেজত গৈ attachmentত গৈ ক্লিক কৰি Payment যাব লাগিব। 






1 Comments

  1. সুন্দৰ তথ্য, ধন্যবাদ জনালোঁ

    ReplyDelete
Previous Post Next Post