Metamask Extension মবাইত কেনেকৈ এড কৰিব পাৰি

 Metamask Extension মবাইলত কেনেকৈ এড কৰিব পাৰি ৷


    Cryptoৰ পৃথিৱীত Walletৰ ৰজা হিচাপে পৰিচিত  Metamask ৷ Metamask অবিহনে Cryptoৰ পৃথিৱীত বহু কাম সমাপন কৰিব নোৱাৰি ।  Metamaskৰ এপ মবাইল উপলব্ধ যদিও Cryptoৰ বহু কাম তথা টাস্ক, Airdrop আদি ব্ৰাউজাৰৰ যোগেদি কৰিব লগা হোৱাৰ বাবে বিভিন্ন চাইটৰ সৈতে ইয়াক সংযোগ কৰাত অসুবিধাৰ সৃষ্টি হয় ।  সেইবাবে ইয়াক মবাইল ব্ৰাউজাত ইয়াৰ extension হিছাপে ব্যৱহাৰ কৰা হয় ।  ইয়াক কেনেকৈ extension হিচাপে এড কৰিব পাৰি তলত ক্ৰম অনুসৰি দিয়া হৈছে ।


(১) Matamask extensionৰ বাবে extension ৰ সুবিধা থকা ব্ৰাউজাৰ ব্যৱহাৰ কৰা হয় ।  Chrome ব্ৰাউজাৰ extensionৰ সুবিধা উপলব্ধ নহয় ৷ অৱশ্যে Computerত এই সুবিধা উপলব্ধ । তাৰবাবে extensionৰ সুবিধা থকা ব্ৰাউজাৰ ব্যৱহাৰ কৰিব লাগিব ৷ Kiwi Browser, Mises Browser আদি হৈছে এনে ধৰণৰ ব্ৰাউজাৰ ৷




(২) ইয়াৰ পাছত Kiwi Browserত গৈ Metamask Extension চাৰ্চ কৰক ৷ চিত্ৰ (ক)ত ইয়াক দেখুৱা হৈছে।

চিত্ৰ : ক

 

একেবাৰে প্ৰথমে অহা Chrome Web Store ত ক্লিক কৰিব ৷


(৩)  এতিয়া চিত্ৰ (খ) দিয়াৰ দৰে Ad to Chrome ত ক্লিক কৰিব।


চিত্ৰ : খ 

এটা নটিফিকেচন আহিব Ok কৰিব ৷



 কিছুসময় Checkingত থকাৰ পাচত আপোনাৰ ব্ৰাউজাৰত  Extension এড  হৈ যাব ৷

(8) ইয়াৰ পাছত Metamask Wallet ক্ৰিয়েত কৰিব লাগিব ৷ এতিয়া চিত্ৰ (গ) দিয়াৰ ধৰণে আহিব। 



চিত্ৰ : গ 

     ইয়াত দুটা বিকল্প দিয়া থাকিব ৷ যদি নতুন Wallet বনাব বিছাৰে  Create a new wallet ত ক্লিক কৰি  I Agree বক্সত ক্লিক কৰিব। যদি আপোনাৰ আগত Metamask wallet আছে Import ত ক্লিক কৰিব। 



চিত্ৰ : ঘ 


চিত্ৰ (ঘ) দিয়াত দৰে I Agree ত ক্লিক কৰিব। ইয়াৰ পাছত পাচৱৰ্ড দি Create New Wallet ক্লিক কৰিব।  চিত্ৰ (ঙ) দিয়া হৈছে ৷

চিত্ৰ : ঙ

এতিয়া তলত দিয়া ধৰণে এখন চিত্ৰ আহিব। তাত গৈ Secure my wallet ক্লিক কৰিব ৷


চিত্ৰ : চ

এতিয়া তলত দিয়া ধৰণে এখন মেনু আহিব।  Reveal Secret Recovery Phrase ত ক্লিক কৰিব ৷


এতিয়া ১২ সংখাৰ এটা গোপন কোড আহিব। তলৰ চিত্ৰত দেখুৱা হৈছে। ইয়াক সুৰক্ষিত ঠাইত কপি কৰি ৰাখিব। এতিয়া Nextত ক্লিক কৰিব। 



Next তলত দিয়াৰ দৰে এখন মেনু আহিব ৷ তাত অহা খালি ঠাইত ১২ সংখাৰ গোপন কোডত ক্ৰম সংখ্যা অনুসৰি বহোৱাই Conform কৰিব ৷


ইমানতে আপোনাৰ Wallet Create সম্পন্ন হব। তলত দিয়াৰ দৰে এখন মেনু আহিব। 




এতিয়া আপোনাৰ মবাইলত ব্ৰাউজাৰত Metamask Extension খুলিবলৈ তিনিটা ডত ক্লিক কৰি একেবাৰে তললৈ যাব ৷ Metamask আইকন দেখিবলৈ পাব। তলৰ চিত্ৰত দেখুৱা হৈছে। 







অধিক জানিবলৈ তলত দিয়া আইকনত ক্লিক কৰি Telegram চেনেলত জইন হব পাৰে 








2 Comments

  1. অশেষ ধন্যবাদ জনালোঁ ককাইদেউ, গুৰুত্বপূৰ্ণ তথ্য 🙏

    ReplyDelete
Previous Post Next Post