মে দিৱস বা আন্তৰ্জাতিক শ্ৰমিক দিৱস

মে দিৱস বা আন্তৰ্জাতিক শ্ৰমিক দিৱস



    মে দিৱস বা আন্তৰ্জাতিক শ্ৰমিক দিৱস ইংৰাজীত International Workers' Day  মে মাহৰ এক তাৰিখে পালন কৰা হয় l ১৯৯০ চনৰ পৰা পালিত এই মে দিৱস পৃথিৱীৰ প্ৰায় ৮০ খন দেশত ইয়াক চৰকাৰী ছুটিৰ দিন হিচাপে পালন কৰা হয় ৷ ভাৰতত ১৯২৩ চনত মাদ্ৰাজত প্ৰথম মে দিৱস পালন কৰা হয় ৷ ইয়াক মাদ্ৰাজ দিৱস বুলি কোৱা হৈছিল ৷

   শ্ৰমিক আন্দোলনৰ ইতিসাহতৰ পটভুমিত পালিত এই শ্ৰমিক দিৱস শ্ৰমিকৰ অধিকাৰ আৰু প্ৰাপ্যৰ এক তাপৰ্য্যপূৰ্ণ দিন ৷ পূৰ্বতে শ্ৰমিক সকলে অমানুষিক ভাবে ১৭/১৮ ঘন্টা কাম কৰিব লগীয়া হৈছিল ৷ আৰু এনেধৰণৰ কাম কৰিব লগীয়া হৈছিল যত মৃত্যুৰ ঘটনাও সংঘতিত হৈছিল ৷ মালিক পক্ষৰ এই বিলাকৰ ওপৰত কোনো গুৰুত্ব দিয়া নাছিল ৷ শ্ৰমিকসকলে  অতি কম মজুৰি লাভ কৰিছিল ৷ ফলত শ্ৰমিকসকলে লঘোনে দিন কটাব লগা হৈছিল ৷ তদুপৰি এই শ্ৰমজীৱী লোক সকলে মালিকপক্ষৰ শোষিত আৰু লাঞ্ছিত হৈ আহিছিল ৷ কিছুয়ে ইয়াৰ বিৰোধিতা কৰিছিল সৰহ সংখ্যকে মালিকপক্ষৰ ভয়ত ইয়াক মানি লবলৈ বাধ্য হৈছিল।  শ্ৰমিক সকলৰ মাজত এক ক্ষোভৰ সুত্ৰপাত হৈছিল ৷ ১৮৮৪ চনত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰত  শ্ৰমিকসকলে  দৈনিক ৮ ঘণ্টা কামৰ নিয়ম কৰাৰ দাবীত আন্দোলন আৰম্ভ কৰে আৰু তেঁওলোকৰ এই দাবী কাৰ্যকৰী কৰাৰ বাবে তেওঁলোকে সময় বান্ধি দিয়ে ১৮৮৬ চনৰ ১ মে। কিন্তু কাৰখানাৰ মালিকসকলে এই দাবী মানি নবলে ইচ্ছুক নহল ৷ আৰু ইয়াক দমন কৰিবলৈ বিভিন্ন কুট কৌশল ৰচনা কৰে ৷১৮৮৬ চনৰ ৪ মে’ৰ সন্ধিয়া সামান্য বৰষুণৰ মাজত চিকাগো নগৰৰ হে মাৰ্কেট নামৰ এক বাণিজ্যিক এলেকাত শ্ৰমিকসকল শোভাযাত্ৰা কৰাৰ উদ্দেশ্যে গোট খায়। আগস্ট স্পীজ নামৰ এজন নেতাই  ১৮৭২ চনত কানাডাত অনুষ্ঠিত এক বিশাল শ্ৰমিক শোভাযাত্ৰাৰ সাফল্যৰ কাহিনীৰে উপস্থিত শ্ৰমিক সকলক   উদ্বুদ্ধ কৰে৷ হঠাৎ দূৰৈত ৰৈ থকা আৰক্ষী দলৰ ওচৰত এটা বোমাৰ বিষ্ফোৰণ ঘটি  এজন পুলিচ নিহত হয়। পুলিচবাহিনীয়ে তৎক্ষণাত শ্ৰমিকসকলৰ ওপৰত অতৰ্কিতে গুলীচালনা  আৰম্ভ কৰে । গুলীচালনাত ১১ জন শ্ৰমিক শ্বহীদ হয় আৰু এশৰো অধিক শ্ৰমিক আহত হয় ৷ পুলিচক হত্যা কৰাৰ দোষত আগস্ট স্পীজ সহ আঠজনক অভিযুক্ত কৰা হয়। এক প্ৰহসনমূলক বিচাৰৰ পিছত ১৮৮৭ চনৰ ১১ নৱেম্বৰ তাৰিখে উন্মুক্ত স্থানত ৬ জনক ফাঁচী দিয়া হয়। হে মাৰ্কেটৰ এই ঘটনাৰ তিনি বছৰৰ পাছত  অৱশেষত ১৮৮৯ চনৰ জুলাই মাহৰ ১৭ তাৰিখে পেৰিছত হোৱা শ্ৰমিকৰ আন্তৰ্জাতিক সন্মিলনত এটা ঐতিহাসিক সিদ্ধান্ত লোৱা হ’ল যে চিকাগোৰ সন্মিলনৰ সময়ত ছহিদ হোৱা শ্ৰমিকসকলক শ্ৰদ্ধা আৰু স্মৰণ কৰি তেওঁলোকৰ ত্যাগৰ বিনিময়ত ১৮৯০ চনৰ পৰা প্ৰতি বছৰৰ মে’ মাহৰ ১ তাৰিখৰ দিনটো আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে পালন কৰা হ’ব’।


লগতে পঢ়ক ——




2 Comments

Previous Post Next Post