পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দ
ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত উমানন্দ হৈছে পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ ৷ ই কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ উত্তৰ দিশে ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত ৷ উমানন্দত বিখ্যাত উমানন্দ দেৱালয় আছে আৰু এই উমানন্দ দেৱালয়ৰ নামৰ পৰায়ে দ্বীপটোৰ নাম উমানন্দ হল। জনশ্ৰুতিৰ মতে শিৱই এই ঠাইতে তেওঁৰ তৃতীয় নয়নেৰে কামদেবক ভস্ম কৰিছিল ৷ সতীৰ মৃত্যুৰ পিছত শিৱ ঘোৰ তপস্যাত নিমগ্ন আছিল। শিৱৰ তপস্যা ভাঙিবলৈ দেৱতা সকলে কামদেৱৰ সহায় ললে। তপস্যা ভংগ হোৱাত ক্ৰোধিত শিৱয়ে কামদেৱক এই স্থানতে ভস্ম কৰে। সেইবাবে ইয়াৰ আন এটা নাম ভস্মাচল l ইয়াক পাৰৰ পৰা চালে পেখম ধৰি থকা ময়ুৰ এটিৰ দৰে দেখি বাবে দ্বীপটোক ইংৰাজে নাম দিছিল ময়ুৰদ্বীপ বা Peacok Island ৷
Umananda Temple Ghat
Umanada Ferry Ghat
দ্বীপৰ গঠন
ই এটা শিলৰ দ্বীপ।দুইধৰণৰ শিল আছে ইয়াত।প্ৰথমবিধ স্থানীয়-অৰ্থাৎ এই ঠাইতে উৎপত্তি হৈ থাকি যোৱা;দ্বিতীয়বিধ সম্ভৱত: অইন ঠাইৰ পৰা আনি ইয়াত ৰখা।দ্বীপটোত শিল বেছি,মাটি কম।মাটিখিনি সম্ভৱত:মন্দিৰ স্থাপনৰ সুবিধাৰ বাবে,শিলাখণ্ডৰ মাজৰ ফাঁকবোৰ সমান কৰিবলৈ নৈখনৰ বুকুৰ পৰা নহ’লে পাৰৰ পৰা মাটি আনি জাপি দিয়া হৈছিল।ভুতাত্বিক পৰীক্ষা কৰিলে এই সম্পৰ্কে নিশ্চিত হ’ব পৰা যাব।মঠ-মন্দিৰ
দ্বীপটোত তিনিটা মন্দিৰ আছে ৷ উমানন্দৰ মুল মন্দিৰটো হ’ল উমানন্দ দ’ল বা মন্দিৰটো ৷ মন্দিৰটো আহোম ৰজা স্বৰ্গদেউ গদাধৰ সিংহৰ নিৰ্দেশত গড়গঞা সন্দিকৈ ফুকনে ১৬৯৪ নিৰ্মাণ কৰে ৷ ইয়াত এটা ৰূপৰ খোদিত শিৱমূৰ্ত্তি আছে আৰু ইয়াত শিৱ পূজা কৰা হয় ৷ আনদুটা মন্দিৰৰ চন্দ্ৰশেখৰ মন্দিৰটো আহোম ৰজা চন্দ্ৰকান্ত সিংহই ১৮২০ চনত নিমাৰ্ণ কৰে ৷ ইয়াৰ আকৃতি অষ্টভুজ আৰু ইয়াত এটা শিৱলিংগ আছে ৷ আনটো হৰ-গৌৰী মন্দিৰটো আহোম ৰজা গৌৰীনাথ সিংহই নিৰ্মাণ কৰে ৷উৎসৱ
উমানন্দত প্ৰতি বছৰে ধুমধামেৰে মহাশিৱৰাত্ৰি পালন কৰা হয়। শিৱৰাত্ৰিৰ বাবে উমানন্দ আৰু ব্ৰহ্মপুত্ৰৰ পাৰত মেলা বহে ৷ আৰু বহুত ভক্তৰ সমাগম হয় ৷জৈৱ বৈচিত্ৰ
উমানন্দ দ্বীপত বিপন্ন প্ৰজাতিৰ সোণালী বান্দৰ পোৱা যায়। উল্লেখ্য যে প্রায় 20 বছৰমান পূর্বে উজনি অসমৰ এটা পৰিয়ালে মন্দিৰত দুটা সোণালী বান্দৰ এৰি দিছিল৷ এই বান্দৰ দুটাৰ প্রজননৰ পিছত বান্দৰৰ সংখ্যা ছটালৈ বৃদ্ধি পাইছিল যদিও ইয়াৰে দুটা গছৰ পৰা মৃত্যু হৈছিল আৰু তিনিটা বান্দৰ সংৰক্ষণ কৰিবলৈ চিৰিয়াখানা কর্তৃপক্ষই লৈ আহিছিল৷ এটা বান্দৰ তিনি–চাৰি বছৰ উমানন্দ মন্দিৰত আছিল যদিও বিগত যোৱা ২২ ফেব্ৰুৱাৰীত উমানন্দত বাস কৰা শেষৰটো সোণালী বান্দৰৰ মৃত্যু হয়।
উমানন্দত সতেতে দেখা সোণালী বান্দৰটো ৷ ফটো ইন্টাৰনেটৰ পৰা সংগৃহীত
যোগাযোগ
উমানন্দলৈ ফেৰী চলাচল কৰে আৰু উজান বজাৰ ঘাটৰ পৰা যোৱাৰ ব্যৱস্থা আছে ৷Umananda Temple Ghat
Umanada Ferry Ghat
Tags
ভৌগোলিক বিবৰণ
অতি সুন্দৰ
ReplyDeleteঅতি সুন্দৰ
ReplyDeleteধন্যবাদ
DeleteVal lagl
ReplyDeleteভাল লাগিল
Deleteকাৰোবাৰ লগত মন্দিৰৰ ফটোগ্ৰাফ আছিল নেকি ? please আছে যদি share কৰিব
ReplyDeleteOk
DeleteOk
Delete