1 | 2 | 3 | 4 | 5 | 6 | 7 |
8 | 9 | 10 | 11 | 12 | 13 | 14 |
15 | 16 | 17 | 18 | 19 | 20 | 21 |
22 | 23 | 24 | 25 | 26 | 27 | 28 |
29 | 30 | 1 | 2 | 3 | 4 | 5 |
আজিৰ তাৰিখ ৫ নৱেম্বৰ৷
উল্লেখযোগ্য দিৱস সমুহ : ------
(১) বিশ্ব ছুনামি সজাগতা দিৱস।
(২) আন্তৰাষ্ট্ৰীয় ৰেডক্ৰছ দিৱস( সপ্তাহ)
আজিৰ দিনটোৰ ঘটনাপ্ৰৱাহ :-----
আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----
(১) ১৬৩০ চনৰ আজিৰ দিনটোতে স্পেইন আৰু ইংলেণ্ডৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হয় ।
(২) ১৭২৫ চনৰ আজিৰ দিনটোতে স্পেইন আৰু অষ্ট্ৰিয়াৰ মাজত গুপ্ত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ।
(৩) ১৯৭৬ চনৰ আজিৰ দিনটোতে ছোভিয়েট সংঘই পৰমাণু পৰীক্ষণ চলাই।
(৪) ২০০৬ চনৰ আজিৰ দিনটোতে ইৰাক প্ৰাক্তন ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনক ফাচীৰ ঘোষণা কৰা হয়।
(৫) ২০০৭ চনৰ আজিৰ দিনটোতে চীনৰ প্ৰথমখন মহাকাশযান চেঞ্জ -১ চন্দ্ৰৰ কক্ষপথত উপনীত হয় ।
(৬) ২০১২ চনৰ আজিৰ দিনটোতে চিৰিয়াত হোৱা এক আত্মঘাতী বোমা বিষ্ফোৰণত ৫০জন লোকৰ মৃত্যু হয় ৷
ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----
(১) ১৫৫৬ চনৰ আজিৰ দিনটোতে পানিপথতৰ দ্বিতীয় যুদ্ধত মোগল শাসক আকবৰে হিমুক পৰাস্ত কৰে ৷
(২) ১৯২০ চনৰ আজিৰ দিনটোতে ইণ্ডিয়া ৰেডক্ৰছ ছচাইটি প্ৰতিষ্ঠা কৰা হয় ।
(৩) ১৯৬১ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৱে নিউৱৰ্কলৈ যাত্ৰা কৰে ।
ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----
জন্ম : ----
(১) ১৮৭০ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী চিত্ৰৰঞ্জন দাসৰ জন্ম হয় l
(২) ১৯১৭ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী আৰু হাৰিয়ানাৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী বেনাৰসী দাস গুপ্তাৰ জন্ম হৈছিল
মৃত্যু : ----
(১) ১৯৯৯ চনৰ আজিৰ দিনটোতে ৱেষ্ট ইণ্ডিজৰ বেগী বলাৰ মেলকম মাৰ্ছেলৰ মৃত্যু হয়।
(২) ২০০৫ চনৰ আজিৰ দিনটোতে সাহিত্যাচাৰ্য , অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যতীন্দ্ৰনাথ গোস্বামীৰ মৃত্যু হয়।
(৩) ২০০৮ চনৰ আজিৰ দিনটোতে হিন্দী ছবিৰ এগৰাকী ছবি নিৰ্মাতা, পৰিচালক বি আৰ চোপ্ৰাৰ মৃত্যু হয় ।
(৪) ২০১১ চনৰ আজিৰ দিনটোতে সুধাকণ্ঠ , ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাৰ মৃত্যু হয়।
Tags
ইতিহাসত আজিৰ দিনটো