নিবনুৱাৰ বাবে শ্বেয়াৰ বজাৰ

 

নিবনুৱাৰ বাবে শ্বেয়াৰ বজাৰ

✍ নৰোত্তম ৰাভা ৷


   অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষত নিবনুবাৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধি পাই আহিছে। কিছু সংখ্যক নিবনুবা নিজক স্বাবলম্বন কৰি তুলিবৰ বাবে গাহৰি, ব্ৰইলাৰ ফাৰ্ম, বিভিন্ন ব্যৱসায়, খেতি আদিত মনোনিবেশ কৰিছে। নিজকে স্বাবলম্বন কৰিবৰ বাবে এই পদক্ষেপ আদৰণীয়। স্বাস্হ্য অটুট থকা লৈকে আমি ব্যৱসায়-বাণিজ্য কৰি থাকিব পাৰিম। ৫০-৬০ বছৰ পাৰ হ'লে আমাক জিৰণীৰ লগতে আমোদ-প্ৰমোদ বা ভ্ৰমণ আদিৰ বাবে সময় দিয়া প্ৰয়োজন । এনে দিশৰ প্ৰতি লক্ষ্য ৰাখি যদি নিবনুবা সকলে বেপাৰ-বাণিজ্য কৰাৰ আৰম্ভণিৰে পৰা শ্বেয়াৰ বজাৰত বিনিয়োগ( Investment) আৰম্ভ কৰে তেন্তে 10-15 বছৰত আপোনাৰ মূলধন  পাছগুণ বা বেচিও হব পাৰে। 


  শ্বেয়াৰ বজাৰক ব্যৱসায় হিচাপে লৈও আপুনি স্বাবলম্বন হব পাৰে। শ্বেয়াৰ বজাৰ এনে এক ব্যৱসায় যিটো ব্যৱসায় কৰিবৰ বাবে আপোনাক মাত্ৰ মূলধন ৰহে প্ৰয়োজন । আন্ত:গাঁঠনি, ঘৰ-দুৱাৰ, সা-সঁজুলি , বিজুলী , শ্ৰমিক আদিৰ প্ৰয়োজন নাই। কেৱল আপোনাৰ স্মাৰ্টফোন আৰু মূলধন প্ৰয়োজন । এনে বহুত উদাহৰণ পাইছো যি নিজৰ চাকৰি এৰি শ্বেয়াৰ বজাৰত মনোনিবেশ কৰি দিনত লাখ/ কোটি টকা উপাৰ্জন কৰি আছে। গতিকে সাফল্য  পাবলৈ সাধনা আৰু অধ্যবসায়ৰ প্ৰয়োজন । কেনেকৈ আপুনি শ্বেয়াৰ বজাৰত ব্যৱসায় কৰিব ?


১) কোম্পানীৰ শ্বেয়াৰ কিনা-বেচা কৰিবৰ বাবে আপোনাক Demat Account প্ৰয়োজন হ'ব। ঘৰতে বহি আপোনাৰ ম'বাইলত Demat Account খুলিব পাৰে।

২) একাউন্ট খোলাৰ পিছত ভাল কোম্পানীৰ শ্বেয়াৰ দীৰ্ঘদিন(Longterm)ৰ বাবে কিনি ৰাখিব। 2000 চনত Titan Ltd ৰ এটা শ্বেয়াৰ দাম মাত্ৰ তিনি টকা আছিল। আজিৰ তাৰিখত তাৰ দাম 2500 টকাৰ অধিক। তেতিয়া Titan ৰ 100 টা শ্বেয়াৰ কিনি থলে কিমান লাভ হ'লহেতেন। আপোনাৰ ধন 834 গুণ বৃদ্বি পালেহেতেন। শ্বেয়াৰ বজাৰত এনে উদাহৰণ বহুত আছে। Google ত চাৰ্চ কৰিলে এনে তথ্য পাব।

৩) যেতিয়া আপুনি এক-দুই বছৰ বিনিয়োগ কৰি শ্বেয়াৰ বজাৰৰ জ্ঞান আয়ত্ব কৰিব পাৰিছে আৰু যদি  আপুনি বহুত শিকিব বিচাৰে,তেতিয়া Trading শিকি দিনত 3000 টকাৰ পৰা 10000 টকা লাভ কৰিব পাৰে(মূলধন 30000-50000 টকা)। শ্বেয়াৰ বজাৰত কেইবা প্ৰকাৰৰ Trading ব্যৱস্হা আছে। Swing trading , Equity Intraday, Future & Option, Currency Trading, Commodity trading আদি। ইয়াৰে Commodity trading পুৱা ন-বজাৰ পৰা ৰাতি চাৰে এঘাৰ বজালৈকে কৰিব পাৰে। এনে trading ভালদৰে আয়ত্ব কৰিহে কৰিব লাগে।

৪) আপুনি যিকোনো ব্যৱসায় কৰিলে আপুনি সেই ব্যৱসায়তে আবদ্ধ হৈ থাকিব লগা হয়। কিন্ত্ত  শ্বেয়াৰ বজাৰত আপুনি য'তে নাথাকক, তাতে কৰিব পাৰে। দিল্লী বা আমেৰিকা য'তেই নাথাকক , তাৰ পৰাই আপুনি শ্বেয়াৰ কিনা-বেচা বা Trading কৰিব পাৰিব।

৫) আপোনাৰ মাটি কিনিবৰ মন, গাড়ী কিনিবৰ মন বা সুন্দৰ ঘৰ এটা সাজিবৰ মন। কিন্ত মাহৰ টকা মাহত শেষ হয়। প্ৰতি মাহত 2000-5000 টকা ভাল কোম্পানী শ্বেয়াৰ কিনি বিনিয়োগ কৰি যাওঁক। এদিন আপোনাৰ আশা বাস্তৱত ৰূপায়িত হব।

৬) যিকোনো ব্যৱসায় কৰিবলৈ যিমান ধনৰ প্ৰয়োজন তাৰ আধা শতাংশ ধন শ্বেয়াৰ বজাৰ বিনিয়োগ কৰিলে বাৰ্ষিক 50-100 % ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনা আছে।

৭) 55-60 বছৰ পাৰ হ'লে আমি পৰিশ্ৰম বা কিছুমান কঠিন কাম কৰিব নোৱৰা হৈ পৰো। কিন্ত্ত  আপুনি শ্বেয়াৰ বজাৰৰ বিনিয়োগ সম্পকীয় জ্ঞান ডেকা কালতে আয়ত্ব কৰিব পাৰিলে 60 বছৰৰ পিছতো সেইকাম অতি সহজে কৰিব পাৰিব।

৮) 2005 চনৰ পিছত চৰকাৰী চাকৰি পোৱা সকল NPS অধীনত অৰ্থাৎ তেওঁলোক চাৰকাৰী পেন্সন লাভ নকৰে। তেনেক্ষেত্ৰত আমাৰ দৰে সৰু চাকৰিয়ালসকলে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰি আৰ্থিকভাবে লাভাম্বিত হব পাৰিব।

৯) শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবৰ বাবে লাখ টকা নালাগে। 10 -20 টকাৰেও আপুনি  ভাল শ্বেয়াৰ কিনিব পাৰে।

১০) শ্বেয়াৰ বজাৰ বিষয়ে জানিবলৈ অসমীয়া ভাষাত বহুতো কিতাপ আছে। Youtube যোগেদিও বহুতো কথা জানিব পাৰে।

 

( শ্বেয়াৰ বজাৰত একাউন্ট খুলি নজনা কথা জানিবৰ বাবে 7002265500 ত WhatsApp কৰিব পাৰে। নতুন সকলক সকলো গাইড দিয়া হ'ব)৷  


সম্পৰ্কীয় লেখা। 

(1) ডিমেট একাউন্ট কি ? ডিমেট একাউণ্ট কেনেকৈ অপেন কৰিব পাৰি।


1 Comments

  1. সুন্দৰ ব্যৱস্হা

    ReplyDelete
Previous Post Next Post