ইতিহাসত আজিৰ দিনটো ৬ নৱেম্বৰ

নৱেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 1 2 3 4 5


আজিৰ তাৰিখ   ৬ নৱেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------


(১) আন্তৰাষ্ট্ৰীয় ৰেডক্ৰছ দিৱস( সপ্তাহ)


আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮১৩ চনৰ আজিৰ দিনটোতে মেক্সিকোৱে স্পেইনৰ পৰা স্বাধীনতা লাভ কৰে।
(২) ১৮৪৪ চনৰ আজিৰ দিনটোতে স্পেইনে ডমিনিকেন প্ৰজাতন্ত্ৰক মুক্ত কৰে।
(৩) ১৮৬০ চনৰ আজিৰ দিনটোতে আব্ৰাহাম  লিংকন  আমেৰিকা যুক্তৰাষ্ট্ৰৰ ১৬তম  ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত কৰা হৈছিল।
(৪) ১৯৪৯ চনৰ আজিৰ দিনটোতে যুনানত গৃহযুদ্ধৰ সমাপ্ত হয়। 
(৫) ১৯৯০ চনৰ আজিৰ দিনটোতে নৱাব চৰিফ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ৰূপে অধিষ্ঠিত হয়। 


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৭৬৩ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ সৈন্যই মিৰকাচিমক পৰাস্ত কৰি পাটনা দখল কৰে ৷
(২) ১৯১৩ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাত ভাৰতীয় খনি কৰ্মীৰ এক ৰেলিত নেতৃত্ব দিয়াৰ বাবে মহাত্মা গান্ধীক আটক কৰা হয়। 
(৩) ১৯৪৩ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানে আনন্দমান  আৰু নিকোবৰ দ্বীপপুঞ্জক নেতাজী সুভাস চন্দ্ৰ বসুৰ হাতত গতাই দিছিল।
(৪) ১৯৬২ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদ স্থাপন কৰা হৈছিল।
(৫) ১৯৯৮ চনৰ আজিৰ দিনটোতে চিয়াচীনৰ ভাৰততে আগবঢ়োৱা যুদ্ধ বিৰতি প্ৰস্তাৱ পাকিস্তানে অগ্ৰাহ্য কৰে ৷
(৬) ২০০০ চনৰ আজিৰ দিনটোতে জ্যোতি বসু একেৰাহে ২৩ বছৰ মুখ্যমন্ত্ৰী পদত থকাৰ পাছত পদৰ পৰা পদত্যাগ কৰে ।
(৭) ২০১৩ চনৰ আজিৰ দিনটোতে ক্ৰিকেট খেলুৱৈ শচীন তেণ্ডুলকাৰ আৰু বিজ্ঞানী প্ৰফেছৰ  চি এন আৰ ৰাওক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ' ভাৰত ৰত্ন' প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছিল।



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) ২০০১ চনৰ আজিৰ দিনটোতে অসমীয়া দৈনিক বাতৰি কাকত অসমীয়া খবৰ প্ৰকাশ আৰম্ভ হয়।


জন্ম : ----

(১) ১৯৩৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী ৰাজনীতিবিদ যশৱন্ত সিনহা জন্ম হৈছিল ৷

মৃত্যু : ----

(১) ১৯৮৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ জগতৰ প্ৰখ্যাত অভিনেতা সঞ্জীৱ কুমাৰৰ মৃত্যু হয় ৷
(২) ২০১০ চনৰ আজিৰ দিনটোতে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰ্থ শংকৰ ৰায়ৰ মৃত্যু হয়। 









 

Post a Comment

Previous Post Next Post