ইতিহাসত আজিৰ দিনটো ৬ ডিচেম্বৰ

ডিচেম্বৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


29 30 1 2 3 4 5
6 7 8 9 10 11 12
13 14 15 16 17 18 19
20 21 22 23 24 25 26
27 28 29 30 31 1 2


আজিৰ তাৰিখ   ৬ ডিচেম্বৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) গৃহৰক্ষী বাহিনী প্ৰতিষ্ঠা দিৱস ।
(২) ভীমৰাও  আম্বেদকাৰ স্মৃতি দিৱস ।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮৭৭ চনৰ আজিৰ দিনটোতে প্ৰথমবাৰ মানৱ কণ্ঠ ৰেকৰ্ড কৰা হৈছিল ৷
(২) ১৯১৭ চনৰ আজিৰ দিনটোতে ফিনলেণ্ড  ৰাছিয়াৰ পৰা স্বাধীনতা লাভ কৰে ।
(৩) ১৯৫৮ চনৰ আজিৰ দিনটোতে ইটালীত বিশ্বৰ আটাইতকৈ দীৰ্ঘতম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ সুৰংগ আৰম্ভ কৰা হৈছিল। এই সুৰংগ ছয় বছৰৰ পিছত ১৯৬৪ চনৰ ১৪ আগষ্টত  সম্পূৰ্ণ হৈছিল।
(৪) ১৯৭৮  চনৰ আজিৰ দিনটোতে স্পেইনৰ নাগৰিকসকলে ৪০ বছৰৰ স্বৈৰাচাৰী শাসনৰ পিছত গণতন্ত্ৰ স্থাপনৰ বাবে মত প্ৰদান কৰে।
(৫) ১৯৯৭ চনৰ আজিৰ দিনটোতে জাপানৰ কিয়াটোত আন্তৰ্জাতিক জলবায়ু সন্মিলন আৰম্ভ হয়।
(৬) ২০১২ চনৰ আজিৰ দিনটোতে ইজিপ্টত হোৱা এক বিক্ষোভৰ  সময়ত ৭ জন লোক নিহত আৰু ৭৭০ জন লোক আঘাতপ্ৰাপ্ত হৈছিল।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৮৭ চনৰ আজিৰ দিনটোতে মিগ- ২৯  ভাৰতীয় বায়ুসেনাত অন্তভুৰ্ক্ত হয় ৷
(২) ১৯৯২ চনৰ আজিৰ দিনটোত উত্তৰ প্ৰদেশৰ অযোধ্যাতৰ বাবৰি মছজিদ ধ্বংস কৰা হৈছিল।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 

জন্ম : ----

(১) ১৭৩২ চনৰ আজিৰ দিনটোতে ভাৰতত ইংৰাজ চৰকাৰৰ প্ৰথম গৱৰ্নৰ জেনেৰেল ৱাৰেন হেষ্টিংছৰ জন্ম হয় ৷

মৃত্যু : ----

(১) ১৯৫৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ সংবিধান প্ৰণেতা ভীমৰাও ৰামজী আম্বেদকাৰ মৃত্যু হয় ৷
 




 

Post a Comment

Previous Post Next Post