অসমীয়া চলচ্চিত্ৰৰ কিছু তথ্য / অসমীয়া চলচ্চিত্ৰ কুইজ

অসমীয়া বোলছবিৰ কিছু তথ্য/ অসমীয়া চলচ্চিত্ৰ কুইজ






(১) প্ৰথমখন  অসমীয়া বোলছবি নাম কি আছিল ?
উত্তৰ : জয়মতী ৷

(২) জয়মতী কোনে কিমান চনত নিৰ্মাণ কৰিছিল ?
উত্তৰ : জয়মতী জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনত নিৰ্মাণ কৰিছিল ৷

(৩) প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা কোন আছিল ?
উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা ৷

(৪) প্ৰথম অসমীয়া অভিনেত্ৰী কোন আছিল ?
উত্তৰ : আইদেউ সন্দিকৈ(জয়মতী) ৷

(৫) জয়মতী বোলছবিত গদাপাণি আৰু জয়মতী চৰিত্ৰত কোনে অভিনয় কৰিছিল ?
উত্তৰ : গদাপাণি চৰিত্ৰত অভিনয় কৰিছিল  ফুনু বৰুৱা আৰু জয়মতীৰ চৰিত্ৰত অভিনয় কৰিছিল আইদেউ সন্দিকৈ৷

(৬)জয়মতী বোলছবিৰ মূল ছুটিং কত কৰা হৈছিল ?
উত্তৰ : ভোলাগুৰি চাহবাগিচাত জ্যোতিপ্ৰসাদে সজাই লোৱা 'চিত্ৰবন ষ্টুডিঅ'ত কৰা হৈছিল ৷

(৭) জয়মতী ভাৰতৰ কিমানতম বোলছবি আছিল ?
উত্তৰ : জয়মতী আছিল ভাৰতৰ চতুৰ্থখন সবাক ছবি ৷

(৮) প্রথম অসমীয়া চলচিত্ৰৰ ষ্টুডিঅ'ত নাম কি আছিল  আৰু কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল  ?
উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৪ চনত  ভোলাগুৰি চাহবাগিচাত  সজাই লোৱা 'চিত্ৰবন ষ্টুডিঅ' ৷

(৯) দ্বিতীয়খন অসমীয়া বোলছবি নাম কি আছিল আৰু কেতিয়া মুক্তি লাভ কৰিছিল ?
উত্তৰ : দ্বিতীয়খন অসমীয়া বোলছবি আছিল জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৯ চনত  নিৰ্মাণ কৰা ইন্দ্ৰমালতী ৷

১০) অসমৰ প্ৰথমটো চিত্ৰগৃহৰ নাম কি আৰু কত অৱস্থিত ?
উত্তৰ : তেজপুৰৰ জোনাকী চিত্ৰগৃহ।১৯৩৭ চনত ইয়াক প্ৰতিষ্ঠা কৰা হয় ৷

(১১) গুৱাহাটীৰ প্ৰথমটো চিত্ৰগৃহৰ নাম কি আছিল ?
উত্তৰ : ১৯৩৫ চনত স্থাপিত কেলভিন ৷

(১২) প্ৰথম অসমীয়া কথাছবিৰ পৰিচালক কোন আছিল ?
উত্তৰ : প্ৰমথেশ বৰুৱা ৷ তেওঁ ১৯৩৫ চনত বাংলা ভাষাত দেৱদাস নিৰ্মাণ কৰে ৷

(১৩) জ্যোতি চিত্ৰবন ষ্টুডিঅ কোন চনত স্থাপন কৰা হয় ?
উত্তৰ : ১৯৬৮ চনত  ৷

(১৪) জ্যোতি চিত্ৰবন ষ্টুডিঅ কত অৱস্থিত ?
উত্তৰ : গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত ৷

(১৫) প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীণ চিনেমা খনৰ নাম কি ?
উত্তৰ : ১৯৭২ চনত মুক্তিপ্ৰাপ্ত ভাইটি ৷ পৰিচালনা কৰিছিল কমল নাৰায়ণ চৌধুৰীয়ে ।


(১৬) স্বৰ্ণকমল বটাঁ প্ৰাপ্ত প্ৰথম অসমীয়া বোলছবিখনৰ  নাম কি ?
উত্তৰ : ১৯৮৭ চনত মুক্তিপ্ৰাপ্ত জাহ্নু বৰুৱাৰ পৰিচালিত হালধীয়া চৰাইয়ে বাওধান খায় ৷

(১৭) ৰাষ্ট্ৰপতিৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি ?
উত্তৰ : নিপ বৰুৱাৰ পৰিচালিত ৰঙা পুলিচ ৷ ছবিখনে ১৯৫৮ চনৰ জানুৱাৰী মাহত মুক্তি লাভ কৰে ৷

(১৮) অসমৰ বাহিৰত প্রদৰ্শিত প্রথম অসমীয়া সামাজিক চলচিত্ৰ কোনখন ?
উত্তৰ : ১৯৫৯ চনত মুক্তি লাভ কৰা   পূৱেৰুণ। ১৯৬০ চনৰ জুলাই মাহত অনুষ্ঠিত বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হৈছিল।

(১৯) অসমীয়া চলচিত্ৰৰ প্রথম কেমেৰামেন গৰাকী কোন আছিল  ?
উত্তৰ :  প্ৰতাপ বৰুৱা।

(২০) প্রথম অসমীয়া  হাস্যৰসধৰ্মী চলচিত্ৰ কোনখন ?
উত্তৰ :  ১৯৬৩ চনৰ  ২২ নৱেম্বত মুক্তিপ্ৰাপ্ত ইটো সিটো বহুতো।

(২১) প্রথম অসমীয়া উৎকণ্ঠাধৰ্মী চলচিত্ৰখনৰ নাম কি  ?
উত্তৰ : ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত ব্ৰজেন বৰুৱাৰ পৰিচালিত ড° বেজবৰুৱা। ১৯৭০ চনত 'ড° বেজবৰুৱা'ই শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।

(২২) প্রথম অসমীয়া শিশু চলচিত্ৰৰ নাম কি আছিল ?
উত্তৰ : ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত অবুজ বেদনা।

(২৩) দাদা চাহেব ফাল্কে বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল
উত্তৰ : ড°  ভূপেন হাজৰিকা ৷ তেওঁ ১৯৯২ চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্ব্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল।

(২৪) ড° ভূপেন হাজৰিকা পৰিচালনা কৰা প্ৰথমখন চলচ্চিত্ৰৰ নাম কি আছিল ?
উত্তৰ : ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া ছবি  ১৯৫৬ চনত মুক্তিপ্ৰাপ্ত এৰা বাটৰ সুৰ ৷

(২৫) ফিল্ম ফেয়াৰ বঁটা লাভ কৰা প্রথম অসমীয়া ব্যক্তিজন কোন ?
উত্তৰ :  বিজয় চৌধুৰী।

(২৬) বক্স অফিচত সৰ্বাধিক উপাৰ্জন কৰিবলৈ সক্ষম হোৱা অসমীয়া চলচ্চিত্ৰখনৰ নাম কি আছিল ?
উত্তৰ : ২০১৯ চনৰ ১১ অক্টোবৰত মুক্তিপ্ৰাপ্ত যতীন বৰাৰ প্ৰযোজিত আৰু পৰিচালিত ৰত্নাকৰ ৷ ছবিখনে মুঠ ৯.২৩ কোটি উপাৰ্জন কৰে ৷

(২৭) বক্স অফিচত সৰ্বাধিক উপাৰ্জন কৰিবলৈ সক্ষম হোৱা দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰখনৰ নাম কি আছিল ?
উত্তৰ : ২০১৯ চনৰ ৬ চেপ্তেম্বৰত মুক্তিপ্ৰাপ্ত জুবিন গাৰ্গৰ প্ৰযোজিত আৰু পৰিচালিত কাঞ্চনজংঘা ৷ ছবিখনে ৫.১২ কোটি উপাৰ্জন কৰে ৷

(২৬) বিষ্ণু ৰাভাই সংগীত পৰিচালনা কৰা অসমীয়া বোলছবিখনৰ নাম কি আছিল ?
উত্তৰ : ১৯৪৮ চনত মুক্তিপ্ৰাপ্ত চিৰাজ ৷

(২৭) গুৱাহাটী দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্রথম অসমীয়া চলচিত্ৰ কোনখন ?
উত্তৰ : বৃষ্টি (১৯৪৭ চন)।

(২৮) শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া ছবিখনৰ নাম কি আছিল ?
উত্তৰ :  আব্দুল মজিদ পৰিচালিত চামেলী মেমচাব ৷ ছবিখনত চলচ্চিত্ৰত ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰিছিল ৷

(২৯) কোনখন অসমীয়া কথাছবিয়ে  প্রথমে ‘এ’ ছাৰ্টিফিকেট লাভ কৰিছিল ?
উত্তৰ :  মৰীচিকা।

(৩০) প্ৰথম অসমীয়া ধৰ্মমূলক ছবিখনৰ কি আছিল ?
উত্তৰ : সতী বেউলা ৷

(৩১) ড° ভবেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা প্ৰথম খন বোলছবিৰ নাম কি আছিল ?
উত্তৰ : ১৯৭৭ চনৰ ৫ আগষ্টত মুক্তিলাভ কৰা সন্ধ্যাৰাগ ৷

(৩২) জাহ্নু বৰুৱাৰ পৰিচালনা কৰা  প্ৰথমখন  ছবিৰ নাম কি আছিল ?
উত্তৰ : ১৯৮২ চনত মুক্তিপ্ৰাপ্ত অপৰূপা ৷

(৩৩) কোনজন অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাই তেওঁ নিৰ্মাণ প্রতিখন ছবিতে  শ্রেষ্ঠ আঞ্চলিক ছবিৰ ‘ৰাষ্ট্ৰীয় ৰজত কমল বঁটা’ লাভ কৰিছিল ?
উত্তৰ : ড° ভবেন্দ্ৰনাথ শইকীয়াই ৷ তেওঁ  পৰিচালনা কৰা প্ৰতিখন অসমীয়া ছবিয়েই ৰাষ্ট্ৰীয় বঁটা বুটলিবলৈ সক্ষম হয

 ড° ভবেন্দ্ৰনাথ শইকীয়াই পৰিচালনা কৰা চলচ্চিত্ৰসমুহ :

বোলছবি মুক্তিৰ বৰ্ষ বঁটা আৰু সন্মান
সন্ধ্যাৰাগ ১৯৭৭ ৰজত কমল বঁটা (১৯৭৭)
অনিৰ্বাণ ১৯৮১ ৰজত কমল বঁটা (১৯৮১)
অগ্নিস্নান ১৯৮৫ ৰজত কমল বঁটা (১৯৮৫)
কোলাহল ১৯৮৮ ৰজত কমল বঁটা (১৯৮৮)
সাৰথি ১৯৯১ ৰজত কমল বঁটা (১৯৮৮)
আৱৰ্তন ১৯৯৩ ৰজত কমল বঁটা (১৯৯৪)
ইতিহাস ১৯৯৫ ৰজত কমল বঁটা (১৯৯৬)
কালসন্ধ্যা ১৯৯৭ 00

(৩৪) অস্কাৰলৈ মনোনীত হোৱা প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি ?
উত্তৰ : ৰীমা দাসৰ প্ৰযোজিত আৰু পৰিচালিত ভিলেজ ৰকষ্টাৰ ৷ ছবিখনে ২০১৯ চনত বিদেশী ভাষাৰ শ্ৰেষ্ঠ ছবি শিতানত অস্কাৰৰ বাবে মনোনীত হয় ৷

(৩৫) ভিলেজ ৰকষ্টাৰ ছবিখনে কেতিয়া মুক্তি লাভ কৰে ? 
উত্তৰ : ২০১৮ৰ ২৮ ছেপ্তেম্বৰত ৷

(৩৬) স্বৰ্ণকমল বটাঁ প্ৰাপ্ত দ্বিতীয়খন  অসমীয়া বোলছবিখনৰ  নাম কি ?
উত্তৰ : ৰীমা দাসৰ প্ৰযোজিত আৰু পৰিচালিত ভিলেজ ৰকষ্টাৰ ৷ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰাৰ উপৰিও ছবিখনৰ মূখ্য চৰিত্ৰত অভিনয় কৰা শিশু শিল্পী ভণিতা দাসে শ্ৰেষ্ঠ শিশু শিল্পীৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে৷



লগতে চাওঁক :  







2 Comments

Previous Post Next Post