ইতিহাসত আজিৰ দিনটো ২১ ফেব্ৰুৱাৰী

ফেব্ৰুৱাৰী



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29


আজিৰ তাৰিখ   ২১ ফেব্ৰুৱাৰী

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৮৪২ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰত চিলাই মেচিন  পেটেণ্ট কৰা হৈছে।
(২) ১৮৪৮ চনৰ আজিৰ দিনটোতে  কাৰ্ল মাৰ্ক্স আৰু ফেডৰিক এঞ্জেলছে কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰ প্ৰকাশ কৰিছিল।
(৩) ১৯২৫  চনৰ আজিৰ দিনটোতে নিউৱৰ্ক মেগাজিনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায় ৷
(৪) ১৯৪৬ চনৰ আজিৰ দিনটোতে ইজিপ্টতে ব্ৰিটেইনৰ বিৰুদ্ধে প্ৰদৰ্শন কৰে ।
(৫) ১৯৭৪ চনৰ আজিৰ দিনটোতে  যুগোস্লাভিয়াৰ সংবিধান গ্ৰহণ কৰে।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰিফে  লাহোৰ ঘোষণা পত্ৰত স্বাক্ষৰ কৰিছিল।
(২) ১৯৫৯ চনৰ আজিৰ দিনতে  নতুন দিল্লীত  প্ৰেছ ক্লাব অফ ইণ্ডিয়া প্ৰতিষ্ঠা কৰা হয় ৷
(৩) ২০১৩ চনৰ আজিৰ দিনটোতে ভাৰতত হায়দৰাবাদত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণত ১৭ জন লোক নিহত হৈছিল আৰু ১১৯ জন আহত হৈছিল।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 




জন্ম : ----

(১) ১৮৯৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰসিদ্ধ বিজ্ঞানী শান্তি স্বৰূপ ভাটনগৰ জন্ম হৈছিল ।
(২) ১৮৯৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী কবি, ঔপন্যাসিক, প্ৰবন্ধকাৰ  আৰু গল্পকাৰ সূৰ্য্যকান্ত ত্ৰিপাঠী নিৰলা জন্ম হৈছিল। 



মৃত্যু : ----

(১) ১৭০৭ চনৰ আজিৰ দিনটোতে ঔৰংগজেবৰ আহমেদনগৰত মৃত্যু হৈছিল।
(২) ১৯৯৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় চিনেমাৰ বিখ্যাত চৰিত্ৰ অভিনেতা ওম প্ৰকাশৰ  মৃত্যু হৈছিল।













বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ২১ ফেব্ৰুৱাৰী ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আপলোড কৰা হব  ৷



 

Post a Comment

Previous Post Next Post