ইতিহাসত আজিৰ দিনটো ১ জুন

1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30


আজিৰ তাৰিখ   ১ জুন 

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব দুগ্ধ দিৱস ৷
(২) বিশ্ব অভিভাৱক দিৱস। 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১)  ১৮৭৪ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পানী  ভংগ কৰা হৈছিল ৷
(২) ১৯৪১ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ সেনাই  ইৰাকীৰ ৰাজধানী বাগদাদ দখল কৰিছিল।
(৩) ১৯৬৯ চনৰ আজিৰ দিনটোতে কানাডাত ৰেডিঅ' আৰু টেলিভিছনত  ধপাতজাত সামগ্ৰী আৰু এই  সম্পৰ্কীয় বিজ্ঞাপন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছিল।
(৪) ২০০১ চনৰ আজিৰ দিনটোতে প্ৰথম বিশ্ব দুগ্ধ দিৱস উদযাপন কৰা হৈছিল।
(৫) ২০০৭ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনত ৰাজহুৱা স্থানত ধূমপান সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।
(৬) ২০১৪ চনৰ আজিৰ দিনটোতে  নাইজেৰিয়াৰ এখন ফুটবল খেলপথাৰত সংঘটিত হোৱা এক বিস্ফোৰণত ৪০ জন লোকে প্ৰাণ হেৰুৱায়।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮৩৫ চনৰ আজিৰ দিনটোৰ পৰাই  পৰা কলিকতা চিকিৎসা মহাবিদ্যালয়ত শিক্ষাদান  আৰম্ভ হৈছিল।
(২) ১৯৮০ চনৰ আজিৰ দিনটোতে কেবল নিউজ নেটৱৰ্ক (চিএনএন) টেলিভিছন নেটৱৰ্কৰ প্ৰথমবাৰৰ বাবে  সম্প্ৰচাৰণ আৰম্ভ হৈছিল।
(৩) ১৯৯২ চনৰ আজিৰ দিনটোতে ভাৰত আৰু ইজৰাইলৰ মাজত  বিমান চুক্তি স্বাক্ষৰিত হৈছিল।
(৪) ১৯৯৬ চনৰ আজিৰ দিনটোতে এইচ ডি দেৱেগৌড়া দেশৰ ১১ তম প্ৰধানমন্ত্ৰীৰূপে অধিষ্ঠিত হয় ।
(৫) ২০০৮ চনত আজিৰ দিনটোতে নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী সন্মিলন অনুষ্ঠিত হৈছিল।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 

জন্ম : ----

(১) ১৯৩৬ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী  খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ জন্ম হৈছিল। 
(২) ১৯৭৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী বিখ্যাত ভাৰোত্তোলক কৰ্ণাম মল্লেশ্বৰীৰ জন্ম হৈছিল ।
(৩) ১৯৮৫ চনৰ আজিৰ দিনটোতে  ভাৰতীয় ক্ৰিকেট দলৰ এগৰাকী ক্ৰিকেটাৰ দীনেশ কাৰ্তিকৰ জন্ম হৈছিল  ।


মৃত্যু : ----

(১) ১৯৮১ চনৰ আজিৰ দিনটোতে  ভাৰতীয় চলচ্চিত্ৰ এগৰাকী অভিনেত্ৰী নাৰ্গিছ দত্ত ৰ মৃত্যু হয়। 
(২) ২০০৪ চনৰ আজিৰ দিনটোতে সাহিত্য অকাডেমি বঁটা লাভ কৰা অসমৰ এগৰাকী সাহিত্যক তথা গীতিকাৰ।  নিৰ্মলপ্ৰভা বৰদলৈৰ মৃত্যু হয় ।
(৩) ১৯৯৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ ষষ্ঠ ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীৰ মৃত্যু
হৈছিল। 




বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ১ জুন ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আপলোড কৰা হব  ৷



 

 

Post a Comment

Previous Post Next Post