ইতিহাসত আজিৰ দিনটো ১৫ আগষ্ট

আগষ্ট



26 27 28 29 30 31 1
2 3 4 5 6 7 8
9 10 11 12 13 14 15
16 17 18 19 20 21 22
23 24 25 26 27 28 29
30 31 1 2 3 4 5


আজিৰ তাৰিখ   ১৫ আগষ্ট  ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) ভাৰতৰ স্বাধীনতা দিৱস ৷
(২) বাংলাদেশৰ ৰাষ্ট্ৰীয় শোক দিৱস ।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৫১৯ চনৰ আজিৰ দিনটোতে পানামা চহৰ  প্ৰতিষ্ঠা কৰা হয়।
(২) ১৯১৪ চনৰ আজিৰ দিনটোতে পানামা খাল ব্যৱসায়িক যাতায়তৰ বাবে মুকলি কৰি দিয়া হয় ।
(৩) ১৯৬০ চনৰ আজিৰ দিনটোতে কংগো গণৰাজ্য ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰে।
(৪) ১৯৭৫ চনৰ আজিৰ দিনটোতে বাংলাদেশৰ সেনা বিষয়াৰ এটা দলে ৰাষ্ট্ৰপতি শ্বেখ মজিবুৰ ৰহমানক পত্নীসহ হত্যা কৰে।
(৫) ২০০৭ চনৰ আজিৰ দিনটোতে পেৰুত ৮.০ ৰিখটাৰ স্কেলত অহা ভূমিকম্পত প্ৰায় ৫০ জন লোকৰ মৃত্যু হয় ।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮৫৪ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া ৰেলেৱে কলকাতাৰ পৰা হুগলিলৈ প্ৰথম যাত্ৰীবাহী ট্ৰেইনৰ চলাচল আৰম্ভ হয়। 
(২) ১৯৪৭ চনৰ আজিৰ দিনটোতে ভাৰতে স্বাধীনতা লাভ কৰে ।
(৩) ১৯৪৭ চনৰ আজিৰ দিনটোতে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী ৰূপে জৱাহৰলাল নেহেৰুৱে শপত গ্ৰহণ কৰে ৷
(৪) ১৯৪৭ চনৰ আজিৰ দিনটোতে সামৰিক সন্মান পৰমবীৰ চক্ৰ, মহাবীৰ চক্ৰ আৰু  বীৰচক্ৰ প্ৰচলন কৰা হয় ।
(৫) ১৯৫০ চনৰ আজিৰ দিনটোতে ভাৰতত  ৮.৬ ৰিখটাৰ স্কেলত অহা ভূমিকম্প ২০ পৰা ৩০ হাজাৰ লোক নিহত হয় ।
(৬) ১৯৭২ চনৰ আজিৰ দিনটোতে ভাৰতত ডাক সূচাংক সংখ্যা প্ৰৱৰ্তন কৰা হয়।
(৭) ১৯৯০ চনৰ আজিৰ দিনটোতে ভূভাগৰ পৰা আকাশলৈ নিক্ষেপ কৰিব পৰা মিচাইল "আকাশ"ৰ সফল পৰীক্ষা চলোৱা হয় ।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----


(১) ২০০৪ চনৰ আজিৰ দিনটোতে ধেমাজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ  হোৱা বোমা বিস্ফোৰণত দহটি শিশুকে ধৰি ১৩ জনৰ মৃত্যু হয় আৰু অৰ্ধ শতাধিক লোক আহত হয়।

জন্ম : ----

(১) ১৭৬৯ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে সম্ৰাট নেপোলিয়ন বোনাপাৰ্টৰ জন্ম হয়।
(২) ১৮৭২ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী স্বাধীনতা সংগ্ৰামী, কবি, পণ্ডিত বহুমুখী প্ৰতিভাধৰ অৰবিন্দ ঘোষৰ জন্ম হয়।
(৩) ১৯১২ চনৰ আজিৰ দিনটতো শাস্ত্ৰীয় সংগীৰ এগৰাকী প্ৰসিদ্ধ গায়ক ওস্তাদ আমিৰ খাৰ জন্ম হয়।
(৪) ১৯৩৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী জনপ্ৰিয় কাৰ্টুনিষ্ট প্ৰাণ কুমাৰ শৰ্মাৰ জন্ম হয় ।
(৫) ১৯৪৭ চনৰ আজিৰ দিনটোতে হিন্দী ছবিৰ অভিনেত্ৰী ৰাখী গোলজাৰৰ জন্ম হয় ।

মৃত্যু : ----

(১) ১৮৮৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ এজন মহান সন্ত তথা ধৰ্মাচাৰক ৰামকৃষ্ণ পৰমহংসৰ মৃত্যু হয় ।



Post a Comment

Previous Post Next Post