ইতিহাসত আজিৰ দিনটো ১২ জানুৱাৰী

জানুৱাৰী



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 31


আজিৰ তাৰিখ   ১২ জানুৱাৰী

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) ৰাষ্ট্ৰীয় যুৱ দিৱস। 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯০৮ চনৰ আজিৰ দিনটোতে পেৰিছস্থিত আইফেল টাৱাৰৰ পৰা প্ৰথম  এটা দীৰ্ঘ দূৰত্বৰ ৰেডিঅ' বাৰ্তা প্ৰেৰণ কৰা হৈছিল।
(২) ১৯৯১ চনৰ আজিৰ দিনটোতে মাৰ্কিন সংসদত ইৰাকৰ বিৰুদ্ধে সৈন্য অভিযান অনুমোদন জনায় ।
(৩) ১৯৯৮ চনৰ আজিৰ দিনটোতে ১৯খন  ইউৰোপীয়ান দেশে  মানৱ ক্লনিং বন্ধ কৰিবলৈ সন্মত হয়।

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১)  ১৯৪৮ চনৰ আজিৰ দিনটোতে  মহাত্মা গান্ধীয়ে তেওঁৰ অন্তিমটো ভাষণ প্ৰদান কৰিছিল  আৰু সাম্প্ৰদায়িক হিংসাৰ বিৰুদ্ধে অনশনত বহাত সিদ্ধান্ত লৈছিল।
(২) ১৯৮৪ চনৰ আজিৰ দিনটোতে স্বামী বিবেকানন্দ  জন্মদিনৰ দিনা  প্ৰতি বছৰে দেশত  'ৰাষ্ট্ৰীয় যুৱ দিৱস' প্ৰদান কথা ঘোষণা কৰা হয় ।
(৩) ২০০৮ চনৰ আজিৰ দিনটোতে কলকাতাত হোৱা অগ্নিকাণ্ডত ২৫০০ খন দোকান জুইত ভস্মীভূত হৈছিল।
(৪) ২০০৯ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত সংগীতশিল্পী এ আৰ ৰহমানে সন্মানীয় গল্ডেন গ্লব বঁটা লাভ কৰা প্ৰথম  ভাৰতীয় হিচাপে পৰিণত হৈছিল।



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 

জন্ম : ----

(১) ১৮৬৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় দাৰ্শনিক আৰু আধ্যাত্মিক গুৰু স্বামী বিবেকানন্দৰ কলকাতাত জন্ম হৈছিল ।
(২) ১৮৬৯  চনৰ আজিৰ দিনটোতে ভাৰতৰত্নৰে সন্মানিত স্বাধীনতা সংগ্ৰামী, সমাজকৰ্মী আৰু শিক্ষাবিদ ভগৱান দাসৰ জন্ম হৈছিল ।
(৩) ১৯৪০  চনৰ আজিৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্রেছৰ এজন ৰাজনীতিবিদ এম বীৰপ্পা মইলিৰ জন্ম হৈছিল।
(৪) ১৯৬৪ চনৰ আজিৰ দিনটোতে  ভাৰতৰ এগৰাকী ৰাজনীতিবিদ অজয় মাকন জন্ম হৈছিল ৷

মৃত্যু : ----

(১) ১৯৭৬ চনৰ আজিৰ দিনটোতে বিশ্বৰ এজন বিখ্যাত ডিটেকটিভ ঔপন্যাসিক অগাথা ক্ৰিষ্টীৰ মৃত্যু হৈছিল৷
(২) ২০০৫ চনৰ আজিৰ দিনটোতে  ভাৰতীয় চিনেমাৰ এজন বিখ্যাত অভিনেতা আৰু খলনায়ক অমেশ পুৰীৰ মৃত্যু হৈছিল ।





বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ১২ জানুৱাৰী ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

Post a Comment

Previous Post Next Post