1 | 2 | 3 | 4 | 5 | 6 | 7 |
8 | 9 | 10 | 11 | 12 | 13 | 14 |
15 | 16 | 17 | 18 | 19 | 20 | 21 |
22 | 23 | 24 | 25 | 26 | 27 | 28 |
29 | 30 | 31 |
আজিৰ তাৰিখ ২১ জানুৱাৰী
উল্লেখযোগ্য দিৱস সমুহ : ------
(১) মেঘালয়, মণিপুৰ, ত্ৰিপুৰা দিৱস ৷
আজিৰ দিনটোৰ ঘটনাপ্ৰৱাহ :-----
আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----
(১) ১৯২৪ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনত প্ৰথমবাৰৰ বাবে লেবাৰ পাৰ্টি চৰকাৰ গঠন কৰা হৈছিল আৰু ৰেক মেকডনাল্ডৰ প্ৰধানমন্ত্ৰী ৰূপে অধিষ্ঠিত হৈছিল ।
(২) ১৯৯৬ চনৰ আজিৰ দিনটোতে ইণ্ডোনেছিয়াৰ সুমাত্ৰা উপকূলত যাত্ৰীসহ এখন নাও দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত মুঠ ৩৪০ জন লোক নিহত হৈছিল।
ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----
(১) ১৯৫৮ চনৰ আজিৰ দিনটোতে কপিৰাইট আইন প্ৰণয়ন কৰা হৈছিল।
(২) ১৯৭২ চনৰ আজিৰ দিনটোতে উত্তৰ-পূৱ ভাৰতৰ দুখন ৰাজ্য মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্য প্ৰতিষ্ঠা হৈছিল ।
(৩) ২০০৭ চনৰ আজিৰ দিনটোতে ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা এদিনীয়া ক্ৰিকেট শৃংখলাত বিজয়ী হৈছিল ।
(৪) ২০০৯ চনৰ আজিৰ দিনটোতে কৰ্ণাটকৰ বিদাৰত বায়ুসেনাৰ প্ৰশিক্ষণ বিমান সূৰ্যকিৰণ দুৰ্ঘটনাগ্ৰস্ত হৈছিল।
ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----
(১) ১৯৯৪ চনৰ আজিৰ দিনটোতে শিলচৰত অসম বিশ্ববিদ্যালয় মুকলি হয়।
(২) ২০০৮ চনৰ আজিৰ দিনটোতে উত্তৰ-পূব ভাৰতৰ দ্বিতীয় চেটেলাইট নিউজ চেনেল নিউজ লাইভৰ প্ৰতিষ্ঠা হৈছিল ।
জন্ম : ----
(১) ১৯৮৬ চনৰ আজিৰ দিনটোতে বলিউদ অভিনেতা সুশান্ত সিং ৰাজপুতৰ জন্ম হৈছিল।
মৃত্যু : ----
(১) ১৯২৪ চনৰ আজিৰ দিনটোতে ৰুছ বিপ্লৱৰ নেতা লেনিনৰ মৃত্যু হৈছিল।
(২) ১৯৫০ চনৰ আজিৰ দিনটোতে ইংৰাজ ঔপন্যাসিক আৰু নিবন্ধকাৰ জৰ্জ অৰৱেলৰ মৃত্যু হৈছিল ।
(৩) ১৯৫৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰখ্যাত বিজ্ঞানী জ্ঞানচন্দ ঘোষৰ মৃত্যু হৈছিল।
(৪) ১৯৮১ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ মৃত্যু হৈছিল ৷