ইতিহাসত আজিৰ দিনটো ২০ জানুৱাৰী

জানুৱাৰী



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 31


আজিৰ তাৰিখ   ২০ জানুৱাৰী

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১২৬৫  চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ সংসদৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল। 
(২) ১৮৮৭ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ  চিনেটে পাৰ্ল হাৰ্বাৰক এক নৌ ঘাটি নিৰ্মাণৰ অনুমতি দিছিল।
(৩) ১৯৪২ চনৰ আজিৰ দিনটোতে জাপানে বাৰ্মা (এতিয়া ম্যনমাৰ) আক্ৰমণ কৰে।
(৪) ২০০৯ চনৰ আজিৰ দিনটোতে বাৰাক  অ'বামাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪ তম ৰাষ্ট্ৰপতি ৰূপে   অধিষ্ঠিত  হয় ৷

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮১৭ চনৰ আজিৰ দিনটোতে  কলকাতাত  হিন্দু কলেজ স্থাপন কৰা হৈছিল।
(২) ১৯৫৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম এটমিক ৰিয়েক্টৰ অপ্সৰাৰ উদ্বোধন হৈছিল ।
(৩) ১৯৭২ চনৰ আজিৰ দিনটোতে অৰুণাচল প্ৰদেশ কেন্দ্ৰীয় শাসিত অঞ্চল আৰু মেঘালয় ৰাজ্যত পৰিণত হয়।
(৪) ২০১৮ চনৰ আজিৰ দিনটোতে ভাৰতে একেৰাহে দ্বিতীয়বাৰৰ বাবে  অন্ধ সকলৰ ক্ৰিকেট বিশ্বকাপত জয়লাভ কৰিছিল।
(৫) ২০১০ চনৰ আজিৰ দিনটোৰ পৰা ভাৰতত  ম'বাইল  পোর্টেবিলিটি সেৱা আৰম্ভ কৰা হয়। 



ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 


জন্ম : ----

(১) ১৮৭৯ চনৰ আজিৰ দিনটোতে  বিহগী কবিৰূপে পৰিচিত অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগৰ এগৰাকী বিশিষ্ট কবি, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি(তেজপুৰ - ১৯৩৬)  ৰঘুনাথ চৌধাৰীৰ  জন্ম হৈছিল ৷
(২) ১৯২৬ চনৰ আজিৰ দিনটোতে সাহিত্য একাডেমি বঁটা পাপ্ত(১৯৯৩) অসমৰ এগৰাকী কবি, গীতিকাৰ আৰু শিক্ষাবিদ কেশৱ মহন্ত জন্ম হৈছিল ।
(৩) ১৯৪৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভালৰ জন্ম হৈছিল 


মৃত্যু : ----

(১) ১৯৮৬ চনৰ আজিৰ দিনটোতে বিদ্ৰোহী কবি নামেৰে খ্যাত অসমৰ এগৰাকী বিশিষ্ট কবি, নাট্যকাৰ, সাহিত্যিক,   প্ৰসন্নলাল চৌধুৰীৰ মৃত্যু হয় ।
(২) ১৯৭৮ চনৰ আজিৰ দিনটোতে অসম সাহিত্য সভাৰ( শিৱসাগৰ- ১৯৪৪)  প্ৰাক্তন সভাপতি  বাগ্মীবৰ নীলমণি ফুকনৰ  মৃত্যু হয় ।
(৩) ২০০৫ চনৰ আজিৰ দিনটোতে বলিউদ অভিনেত্ৰী পাৰবিন বাবিৰ মৃত্যু হয়। 








বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ২০ জানুৱাৰী ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

 

Post a Comment

Previous Post Next Post