ইতিহাসত আজিৰ দিনটো ২১ জানুৱাৰী

জানুৱাৰী



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 31


আজিৰ তাৰিখ   ২১ জানুৱাৰী

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) মেঘালয়, মণিপুৰ, ত্ৰিপুৰা দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯২৪ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনত প্ৰথমবাৰৰ বাবে  লেবাৰ পাৰ্টি চৰকাৰ গঠন কৰা হৈছিল আৰু  ৰেক মেকডনাল্ডৰ প্ৰধানমন্ত্ৰী ৰূপে অধিষ্ঠিত হৈছিল ।
(২) ১৯৯৬ চনৰ আজিৰ দিনটোতে ইণ্ডোনেছিয়াৰ সুমাত্ৰা উপকূলত  যাত্ৰীসহ এখন নাও  দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত মুঠ ৩৪০ জন লোক নিহত হৈছিল।



ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৫৮ চনৰ আজিৰ দিনটোতে কপিৰাইট আইন প্ৰণয়ন কৰা হৈছিল।
(২) ১৯৭২ চনৰ আজিৰ দিনটোতে উত্তৰ-পূৱ ভাৰতৰ দুখন  ৰাজ্য মণিপুৰ আৰু ত্ৰিপুৰা ৰাজ্য প্ৰতিষ্ঠা হৈছিল ।
(৩) ২০০৭ চনৰ আজিৰ দিনটোতে ভাৰতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা এদিনীয়া ক্ৰিকেট শৃংখলাত বিজয়ী হৈছিল ।
(৪) ২০০৯ চনৰ আজিৰ দিনটোতে কৰ্ণাটকৰ বিদাৰত  বায়ুসেনাৰ প্ৰশিক্ষণ বিমান সূৰ্যকিৰণ দুৰ্ঘটনাগ্ৰস্ত হৈছিল।







ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) ১৯৯৪ চনৰ আজিৰ দিনটোতে   শিলচৰত অসম বিশ্ববিদ্যালয় মুকলি হয়।

(২) ২০০৮ চনৰ  আজিৰ দিনটোতে উত্তৰ-পূব ভাৰতৰ দ্বিতীয় চেটেলাইট নিউজ চেনেল নিউজ লাইভৰ প্ৰতিষ্ঠা হৈছিল ।




জন্ম : ----

(১) ১৯৮৬ চনৰ আজিৰ দিনটোতে বলিউদ অভিনেতা সুশান্ত সিং ৰাজপুতৰ জন্ম হৈছিল। 

মৃত্যু : ----

(১) ১৯২৪ চনৰ আজিৰ দিনটোতে ৰুছ বিপ্লৱৰ নেতা লেনিনৰ মৃত্যু হৈছিল।

(২) ১৯৫০ চনৰ আজিৰ দিনটোতে ইংৰাজ ঔপন্যাসিক আৰু নিবন্ধকাৰ জৰ্জ অৰৱেলৰ মৃত্যু হৈছিল ।
(৩) ১৯৫৯ চনৰ আজিৰ দিনটোতে  ভাৰতৰ প্ৰখ্যাত বিজ্ঞানী জ্ঞানচন্দ ঘোষৰ মৃত্যু হৈছিল।
(৪) ১৯৮১ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী অসমৰ দ্বিতীয় গৰাকী মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ  মৃত্যু হৈছিল








বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ২১ জানুৱাৰী ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আাপলোড কৰা হব ৷ 

 

 

Post a Comment

Previous Post Next Post