ইতিহাসত আজিৰ দিনটো ১৯ আগষ্ট

আগষ্ট



26 27 28 29 30 31 1
2 3 4 5 6 7 8
9 10 11 12 13 14 15
16 17 18 19 20 21 22
23 24 25 26 27 28 29
30 31 1 2 3 4 5


আজিৰ তাৰিখ   ১৯ আগষ্ট  ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) আজি বিশ্ব ফটোগ্ৰাফি দিৱস।
(২) বিশ্ব মানবতাবাদী দিৱস ৷
(৩) আফগানিস্থানৰ স্বাধীনতা দিৱস। 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯১৯ চনৰ আজিৰ দিনটোতে আফগানিস্থানে ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে ৷
(২) ১৯৭৩ চনৰ আজিৰ দিনটোতে ফ্ৰান্সে পৰমাণু পৰীক্ষা চলাই ।
(৩) ১৯৭৭ চনৰ আজিৰ দিনটোতে চোভিয়েত ৰাছিয়াই পৰমাণু পৰীক্ষণ সম্পন্ন কৰে ৷
(৪) ১৯৭৮ চনৰ আজিৰ দিনটোতে ইৰাণৰ এক চিনেমা গৃহত হোৱা অগ্নিকাণ্ডত প্ৰায় ৪২২ জন লোক নিহত হয় ৷
(৫) ১৯৬০ চনৰ আজিৰ দিনটোতে দুটা কুকুৰ আৰু তিনিটা নিগনিৰ সৈতে  স্পুটনিক৫ মহাকাশযান মহাকাশলৈ প্ৰেৰণ কৰা হয়।
(৬) ২০০৪ চনৰ আজিৰ দিনটোতে বিশ্বৰ আটাইতকৈ ডাঙৰ ইন্টাৰনেটৰ কোম্পানীৰ গুগলে শ্বেয়াৰ মাৰ্কেটত প্ৰৱেশ কৰে ৷

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----


(১) ১৬০০ চনৰ আজিৰ দিনটোতে আকবৰে আহমদ নগৰ দখল কৰে।
(২) ১৭৫৭ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কলকাতাৰ টাকশালত  প্ৰথম  এটকীয়া মুদ্ৰা তৈয়াৰ কৰিছিল।
(৩) ১৯৪৯ চনৰ আজিৰ দিনটোতে ভুৱনেশ্বৰক উৰিষ্য ৰাজধানী ৰূপে ঘোষণা কৰা হয়। 


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৮৮০ চনৰ আজিৰ দিনটোতে অসমৰ এজন প্ৰসিদ্ধ লেখক, শিক্ষাবিদ জ্ঞানদাভিৰাম বৰুৱা নগাঁৱৰ ফৌজদাৰীপট্টীত জন্ম হৈছিল।
(২) ১৯০৪ চনৰ আজিৰ দিনটোতে অসমৰ  গীতিকবি তথা নাট্যকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ শিৱসাগৰ জিলাত জন্ম হৈছিল ৷
(৩) ১৯১৮ আজিৰ দিনটোতে ভাৰতৰ নৱম ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মা জন্ম হৈছিল ।


মৃত্যু : ----


Post a Comment

Previous Post Next Post