ইতিহাসত আজিৰ দিনটো ৩০ মে'

1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 30 31


আজিৰ তাৰিখ   ৩০ মে 

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) 

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৩৮১ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ এচেক্সত কৃষকৰ বিদ্ৰোহ আৰম্ভ হয়।
(২) ১৪৯৮ চনৰ আজিৰ দিনটোতে কলম্বাছে ৬ খন জাহাজৰ সৈতে তৃতীয়বাৰ আমেৰিকালৈ ভ্ৰমণ আৰম্ভ কৰিছিল।
(৩) ১৫৩৯ চনৰ আজিৰ দিনটোতে স্পেইনৰ হাৰ্ণান্দো ডি চ'টোৱে  ফ্লৰিডা আৱিষ্কাৰ কৰিছিল।
(৪) ১৬৪৬ চনৰ আজিৰ দিনটোতে স্পেইন আৰু নেডাৰলেণ্ডে  যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰিছিল।
(৫) ১৯৪৯ চনত আজিৰ দিনটোতে  পূব জাৰ্মানীয়ে তেওঁলোকৰ  সংবিধান কাৰ্যকৰী কৰে। 
(৬) ১৯৭৫ চনৰ আজিৰ দিনটোতে ইউৰোপীয় মহাকাশ সংস্থা  গঠন কৰা হৈছিল
(৭) ১৯৯৮ চনৰ আজিৰ দিনটোতে উত্তৰ আফগানিস্তানত  হোৱা এক প্ৰচণ্ড ভূমিকম্পত ৫০০০ লোকৰ মৃত্যু হৈছিল।


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৮৭ চনৰ আজিৰ দিনটোতে গোৱা  দেশৰ ২৫ তম পূৰ্ণ ৰাজ্য ৰূপে স্বীকৃতি লাভ কৰে ।
(২) ১৯১৯ চনৰ আজিৰ দিনটোতে ৰবীন্দ্ৰনাথ ঠাকুৰে  জালিয়ানৱালাবাগ গণহত্যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ 'ছাৰ' উপাধি ঘূৰাই দিছিল।
(৩) ২০১২ চনৰ আজিৰ দিনটোতে বিশ্বনাথন আনন্দ  পঞ্চমবাৰৰ বাবে বিশ্ব দবা চেম্পিয়নৰ খিতাপ লাভ কৰিছিল। ।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 

জন্ম : ----

(১) ১৯৪০ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী উদ্যোগপতি জগমোহন ডালমিয়াৰ জন্ম হয় ।
(২) ১৯৪৭ চনৰ আজিৰ দিনটোতে পুডুছেৰীৰ দশম মুখ্যমন্ত্ৰী ভি নাৰায়ণস্বামী জন্ম হয়। 


মৃত্যু : ----

(১) ২০০০ চনৰ আজিৰ দিনটোতে আধুনিক হিন্দী সাহিত্যৰ বিখ্যাত সমালোচক ৰাম বিলাস শৰ্মাৰ মৃত্যু হয়।
২০১৩ চনৰ আজিৰ দিনটোতে বাংলা  চলচ্চিত্ৰৰ এজন বিখ্যাত পৰিচালক, লেখক আৰু অভিনেতা ঋতুপৰ্ণ ঘোষ মৃত্যু হয়।






বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ৩০ মে' ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আপলোড কৰা হব  ৷



 

 

Post a Comment

Previous Post Next Post