ইতিহাসত আজিৰ দিনটো ২৯ মে'

1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 ৩০ ৩১


আজিৰ তাৰিখ   ২৯ মে 

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী ৰ আন্তৰ্জাতিক দিৱস ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৭২৭ চনৰ আজিৰ দিনটোতে ১১ বছৰ বয়সত   পিটাৰ দ্বিতীয় ৰাছিয়াৰ জাৰ হয়।
(২) ১৯৫৩ চনৰ আজিৰ দিনটোতে টেনজিং নৰ্গে আৰু এণ্ডমান হিলাৰীয়ে  পৃথিৱীৰ সৰ্বোচ্চ শৃঙ্গ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰে। 
(৩) ১৯৭০ চনৰ আজিৰ দিনটোতে  ৰাছিয়াই   ভূগৰ্ভত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল।
(৪) ২০০৩ চনৰ আজিৰ দিনটোতে  ব্ৰিটিছ প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰ ইৰাকৰ পুনৰ নিৰ্মাণৰ কাম পৰিদৰ্শন কৰিবলৈ বাসৰাত উপস্থিত হয়।
(৫) ২০০৪ চনৰ আজিৰ দিনটোতে ম্যানমাৰত অহা এক ঘূৰ্ণীবতাহত ১৪০ জন লোকৰ মৃত্যু হৈছিল


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ২০০৮ চনৰ আজিৰ দিনটোত বিজেপি নেতা বি এছ য়েদিয়ুৰাপ্পাই  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) 

জন্ম : ----

(১) ১৯০৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰসিদ্ধ প্ৰবন্ধকাৰ কানহাইয়ালাল মিশ্ৰ প্ৰভাকৰ জন্ম হৈছিল। 
(২) ১৯১৬ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী  সাহিত্যিক আৰু সাহিত্য সমালোচক অতুল চন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল। 
(৩) ১৯১৭ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৩৫তম ৰাষ্ট্ৰপতি জন এফ. কেনেডিৰ জন্ম হৈছিল ।


মৃত্যু : ----

(১) ১৯৭২ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰত এগৰাকী  বিশিষ্ট ব্যক্তি পৃথ্বীৰাজ কাপুৰৰ মৃত্যু হয়।
(২) ১৯৭৭ চনৰ আজিৰ দিনটোতে বাংলাভাষাৰ এগৰাকী সাহিত্যিক আৰু শিক্ষাবিদ সুনীতিকুমাৰ চট্টোপাধ্যায় মৃত্যু হয়। 
(৩) ১৯৮৭ চনৰ আজিৰ দিনটোতে  ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ  মৃত্যু হৈছিল।





বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ২৯ মে' ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আপলোড কৰা হব  ৷



 

 

Post a Comment

Previous Post Next Post