ইতিহাসত আজিৰ দিনটো ১৫ অক্টোবৰ

অক্টোবৰ



জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল
মে জুন জুলাই আগষ্ট
চেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ


27 28 29 30 1 2 3
4 5 6 7 8 9 10
11 12 13 14 15 16 17
18 19 20 21 22 23 24
25 26 27 28 29 30 31


আজিৰ তাৰিখ   ১৫ অক্টোবৰ৷

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) বিশ্ব ছাত্ৰ দিৱস ।
(২) বিশ্ব গ্ৰামীণ মহিলা দিৱস ৷
(২) বিশ্ব ডাকঘৰ দিৱস (সপ্তাহ) ৷

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ২০০৬ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘই উত্তৰ কোৰিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।
(২) ২০১৩ চনৰ আজিৰ দিনটোতে ফিলিপাইনছত ৭.২ ৰিখটাৰ স্কেলত অহা ভূমিকম্পত প্ৰায় ২১৫জন লোকৰ মৃত্যু হয়। 

ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৯৩২ চনৰ আজিৰ দিনটোতে টাটা কোম্পানীৰ প্ৰথমখন বিমানে  উৰণ আৰম্ভ কৰিছিল। ভাৰত চৰকাৰৰ অধিগ্ৰহণ কৰাৰ পিছত এই  কোম্পানীক এয়াৰ ইণ্ডিয়া বুলি পৰিচিত হৈছিল।
(২) ১৯৪৯ চনৰ আজিৰ দিনটোতে ত্ৰিপুৰা ৰাজ্য ভাৰতৰ লগত চামিল কৰা হয়। 
(৩) ১৯৯৭ চনৰ আজিৰ দিনটোতে অৰুন্ধতি ৰায়ক তেওঁৰ উপন্যাস "দ্য গড অৱ স্মল থিংছ"ৰ বাবে ব্ৰিটেইনৰ আটাইতকৈ সন্মানীয় বুকাৰ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল।


ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----




জন্ম : ----

(১) ১৯৩১ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি , মিছাইল মানৱৰূপে খ্যাত ডঃ এ পি জে আব্দুল কালামৰ জন্ম হয় ।
(২) ১৫৪২ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট আকবৰ জন্ম হয়। 
(৩) ১৮৭৪ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে সাহিত্যৰত্ন চন্দ্ৰধৰ বৰুৱাৰ জন্ম হয় ।
(৪) ১৯৩৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী ৰাজনীতিবিদ মদন লাল খুৰানাৰ জন্ম হৈছিল ।

মৃত্যু : ----

(১) ১৯৬১ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী ঔপন্যাসিক, প্ৰবন্ধকাৰ, গল্পকাৰ সূৰ্য্যকান্ত ত্ৰিপাঠী নিৰলাৰ মৃত্যু হয় ।
(২) ১৯৭৭ চনৰ আজিৰ দিনটোতে অসমৰ এগৰাকী কণ্ঠশিল্পী , সুৰকাৰ জয়ন্ত হাজৰিকাৰ মৃত্যু হয় ।
(৩) ১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী স্বাধীনতা সংগ্ৰামী দুৰ্গা ভাবীৰ মৃত্যু হয়। 










 

Post a Comment

Previous Post Next Post