ইতিহাসত আজিৰ দিনটো ২৪ মে'

1 2 3 4 5 6 7
8 9 10 11 12 13 14
15 16 17 18 19 20 21
22 23 24 25 26 27 28
29 ৩০ ৩১


আজিৰ তাৰিখ   ২৪  মে 

উল্লেখযোগ্য দিৱস সমুহ : ------

(১) কমলৱেলথ দিৱস ৷
(২) আন্তর্জাতিক ভাতৃ দিৱস।

আজিৰ দিনটোৰ  ঘটনাপ্ৰৱাহ :-----


আন্তৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ :-----

(১) ১৯৩১ চনৰ আজিৰ দিনটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাল্টম'ৰ ওহাইঅ' পথত প্ৰথম খন শীততাপ নিয়ন্ত্ৰিত যাত্ৰীবাহী ৰেল চলাচল কৰিছিল ।
(২) ১৯৫৯ চনৰ আজিৰ দিনটোতে সাম্ৰাজ্য দিৱসৰ নাম সলনি কৰি কমনৱেলথ দিৱস ৰখা হয়।
(৩) ১৯৮৫ চনৰ আজিৰ দিনটোতে বাংলাদেশত অহা  ঘূৰ্ণীবতাহত ১০,০০০ লোকৰ মৃত্যু হয় ।
(৪) ১৯৮৬ চনৰ আজিৰ দিনটোতে  মাৰ্গাৰেট থ্যাচাৰ  ইজৰাইল ভ্ৰমণ কৰা প্ৰথম ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰূপে পৰিগণিত হয় ৷
(৫) ২০০০ চনৰ আজিৰ দিনটোতে  ইজৰাইলে দক্ষিণ লেবাননত পৰা ১৮ বছৰৰ পাছত সৈন্যবাহিনীক তাৰ পৰা উভতাই  আহে।
(৬) ২০০২ চনৰ আজিৰ দিনটোতে  ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই মস্কো চুক্তি স্বাক্ষৰ কৰে ৷


ৰাষ্ট্ৰীয় ঘটনাপ্ৰৱাহ : ----

(১) ১৮৭৫ চনৰ আজিৰ দিনটোতে চৈয়দ আহমেদ খানে আলিগড়ত মহমেদান এংলো অৰিয়েণ্টেল স্কুল স্থাপন কৰে, যাক বৰ্তমান আলিগড় মুছলিম বিশ্ববিদ্যালয় বুলি জনা যায়।

ৰাজ্যিক ঘটনাপ্ৰৱাহ : ----

(১) ২০১৩ চনৰ আজিৰ দিনটোতে  মণীষ কুমাৰ ডেকাই মাউণ্ট এভাৰেষ্ট শৃংগ জয় কৰা দ্বিতীয়জন অসমীয়াৰ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয়।


জন্ম : ----

(১) ১৮১৯ চনৰ আজিৰ দিনটোতে গ্ৰেট ব্ৰিটেইন আৰু আয়াৰলেণ্ডৰ ৰাণী ভিক্টোৰিয়াৰ জন্ম হৈছিল ।
(২) ১৮৯৯ চনৰ আজিৰ দিনটোতে  এজন বিখ্যাত বঙালী কবি,  সংগীতজ্ঞ আৰু দাৰ্শনিক কাজী নজৰুল ইছলামৰ জন্ম  দৈছিল ।
(৩) ১৯৫৪ চনৰ আজিৰ দিনটোতে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা বাচেন্দ্ৰী পালৰ জন্ম হৈছিল ।

মৃত্যু : ----

(১) ১৫৪৩ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত ইউৰোপীয় জ্যোতিৰ্বিজ্ঞানী আৰু গণিতজ্ঞ নিকোলাচ কপাৰনিকাচ মৃত্যু হৈছিল। 
(২) ২০০০ চনৰ আজিৰ দিনটোতে  হিন্দী চলচ্চিত্ৰৰ বিখ্যাত গীতিকাৰ আৰু কবি মজৰুহ চুলতানপুৰীৰ মৃত্যু হয়।





বিঃদ্ৰঃ : যদি ইতিহাসত আজিৰ দিনটো বা ২৪ মে' ইতিহাসত উল্লেখিত তথ্যৰ কিবা ত্ৰুটি ৰৈ গৈছে বা গুৰুত্বপূৰ্ণ তথ্য অন্তভুৰ্ক্তি ৰৈ গৈছে তেতিয়া আপুনি কমেন্ট কৰি জনাব পাৰে ৷  এই সুধৰণি বা তথ্য সোনকালেই আপলোড কৰা হব  ৷



 

 

Post a Comment

Previous Post Next Post